অসম

assam

ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 11 AM

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Oct 20, 2020, 10:59 AM IST

বিলাসীপাৰাত আটক মুন্নাভাই!

বিলাসীপাৰাত আটক ভুৱা চিকিৎসক ৷ চিকিৎসকজন জি ছি পাল বুলি চিনাক্ত কৰা হৈছে ৷ দণ্ডাধীশৰ উপস্থিতিত ভুৱা চিকিৎসকজনৰ ক্লিনিক ছীল কৰি দিয়া হয় ৷

জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি

জুইৰ শিখাৰে ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চিৰ বহল বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি অংকণ কৰি আসাম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল সীমান্ত গগৈয়ে ৷

কৰিমগঞ্জত ট্ৰাকসহ জব্দ চোৰাং কাঠ

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লংগাই ফৰেষ্ট এলেকাৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠৰ লগতে এখন ডি আই ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা ৷

সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

অসম-মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰৰ ভূমি বিবাদৰ সমস্যাৰ সমাধানৰ বাবে লায়লাপুৰত অনুষ্ঠিত হয় এখন সভা ৷ সভাত মিজোৰাম আৰু অসমৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ৷

নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলী

নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন ৷ অংশ লয় ডেৰ কুৰিৰো অধিক চাইক্লিষ্টে ৷

দুৰ্গা পূজালৈ মাজত মাথো দুদিন : ব্যস্ত মৃৎশিল্পী

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো দুদিন । সমগ্ৰ ৰাজ্য প্ৰতিমা খনিকৰ সকলৰ মাজত চলিছে শেষ পৰশ দিয়াৰ প্ৰস্তুতি ।

সুখবৰ: আহি আছে গীতাশ্ৰী থিয়েটাৰ

ৰাজ্যৰ ভ্ৰাম্যমান নাট্যজগতৰ বাবে এক সুখবৰ । আগন্তুক নবেম্বৰৰ পৰা প্ৰথম বৰ্ষৰ নাট্যাভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছে গীতাশ্ৰী নামৰ এখন থিয়েটাৰে । থিয়েটাৰখনত থাকিব তিনিখনকৈ জনপ্ৰিয় নাট ৷

মহানগৰীৰ গাড়ীগাঁৱত দুৰ্ঘটনাত থিতাতে নিহত যুৱতী

মহানগৰীৰ গাড়ীগাঁৱত দুৰ্ঘটনাত থিতাতে নিহত যুৱতী ৷ গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী ট্ৰাকে মহতিয়াই নিলে স্কুটিসহ এগৰাকী যুৱতীক ।

ভাৰতীয় আৰু শ্ৰীলংকা নৌ-সেনাৰ মাজত আৰম্ভ দ্বিপাক্ষিক অনুশীলন

ভাৰত আৰু শ্ৰীলংকাৰ নৌ সেনাৰ মাজত অষ্টম সংখ্যক দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলন ৷ দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলন SLINEX-20 ক 19 পৰা 21 অক্টোবৰলৈ শ্ৰীলংকাৰ ট্ৰিনকোমালীত নিৰ্ধাৰণ কৰা হৈছে ৷

জম্মু-কাশ্মীৰত সুৰক্ষাকৰ্মীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ চোপিয়ান জিলাৰ মেলহোৰা অঞ্চলত সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় ৷ জম্মু-কাশ্মীৰ আৰক্ষী, সেনাৰ 55 ৰাষ্ট্ৰীয় ৰাইফলচ আৰু চিআৰপিএফৰ যুটীয়া অভিযানত সুৰক্ষাকৰ্মীয়ে দুটাকৈ সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰে ৷ এই সংঘৰ্ষত আৰক্ষীৰ এজন লোক আহত হয় ৷

ABOUT THE AUTHOR

...view details