কলিয়াবৰত ধুমুহা-বৰষুণৰ ফলত ব্যাহত উজনি-নামনিৰ যাতায়ত
কলিয়াবৰৰ চতিয়ালত দেওবাৰে শেষ নিশা হোৱা ধুমুহা বৰষুণৰ ফলত গছ বাগৰি বন্ধ হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ(37 National Highway) ৷ ৰাষ্ট্ৰীয় ঘাইপথটোত দুখনকৈ বাহনৰ ওপৰত গছ বাগৰি পৰাত ক্ষতিগ্ৰস্ত হয় বাহনকেইখন ৷
ধুমুহা-বৰষুণত ৰাজ্যত 20 লোকৰ প্ৰাণহানি
মাৰ্চ মাহৰ শেষৰ পৰা ৰাজ্যত অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চলিত বৰ্ষত হোৱা ধাৰাসাৰ বৃষ্টিপাত তথা ধুমুহা, বজ্ৰপাতৰ ফলত ৰাজ্যত মৃত্যু ঘটিছে প্ৰায় 20 গৰাকীকৈ লোকৰ(20 killed due to storms and lightning strikes) ৷
Fake anti corruption officer : ভুৱা পৰিচয়েৰে ধন দাবী কৰা স্বামী-স্ত্ৰী আটক
দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ধন দাবী কৰা স্বামী-স্ত্ৰীক মহানগৰীত আটক(Husband and wife arrested for demanding money) ৷ আটকাধীন পতি-পত্নী গুৱাহাটীৰ কামাখ্যাৰ সমীপৰ নাৰ্চাৰীৰ বাসিন্দা ৷ ইফালে শনিবাৰে নিশা হাউলী আৰক্ষীয়ো ৰঙিয়াৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ ৫ গৰাকী ভুৱা বিষয়াক আটক কৰিবলৈ সক্ষম হয়(Fake anti-corruption officer arrested at Rangia) ৷
ৰিপুণ বৰাক সুবিধাবাদী আখ্যা দেৱব্ৰত শইকীয়াৰ
দেওবাৰে কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই (Ripun Bora Quits Congress)৷ যাক লৈ ৰাজ্যৰ ৰাজনীতিত এক জোঁকাৰণিৰ সৃষ্টি হয় ৷ ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে জনীয়াত গোধনৰ মৃত্যু: কথমপি প্ৰাণৰক্ষা তিনিজনৰ
জনীয়াৰ টাপাজুলিত ধুমুহাত ছিঙি থকা বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু গোধনৰ(Cow died due to electrocuted in Barpeta) । ক্ষেত্ৰ পৰিদৰ্শন আৰু বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি নকৰাকৈ বিদ্যুৎ সংযোগ কৰাৰ বাবেই গোধনৰ মৃত্যুৰ অভিযোগ । কথমপি প্ৰাণৰক্ষা তিনিজনৰ ।