অসম

assam

By

Published : Dec 4, 2020, 1:05 PM IST

ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

বোন্দাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

মহানগৰীৰ নাৰেংগীৰ বোন্দাত চাঞ্চল্যকৰ ঘটনা ৷ এটা নলাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ ৷

ঘূৰ্ণীবতাহ বুৰেভীঃকেৰালাৰ পাঁচ জিলাত বন্ধ ঘোষণা

শুকুৰবাৰৰ দিনটোত কেৰালাৰ পাঁচখনকৈ জিলাত ঘোষণা কৰা হৈছে বন্ধ ৷ ৰাজ্যখনত বুৰেভী ঘূৰ্ণীবতাহে ভূমিস্খলনৰ উপৰিও অনাগত সময়ত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থাৰ ৷

দুলীয়াজানত অইল বিষয়াৰ পত্নীৰ ৰহস্যজনক আত্মহত্যা

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া কিৰণ চেত্ৰীৰ পত্নী মণিতা চেত্ৰীৰ ৰহস্যজনক আত্মহত্যা ৷ আত্মহননৰ পূৰ্বে ফেচবুকৰ প’ষ্টৰ জৰিয়তে আত্মহত্যাৰ কাৰণ স্পষ্ট কৰে মণিতাই ৷ বিয়াৰ পাচত স্বামী আৰু শাহুৱেকে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ মণিতাৰ ৷

প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৃষক নেতা দীপনজ্যোতি ফুকনক

কৃষক নেতা দীপনজ্যোতি ফুকনক গ্রেপ্তাৰক লৈ সমগ্ৰ ডিব্ৰুগড় জিলাত ব্য়াপক প্ৰতিক্ৰিয়া ৷ 2 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন, কৃষি আইন আৰু পৰিৱেশ বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে প্ৰতিবাদস্থলীৰ পৰাই কৃষক নেতাজনক গ্ৰেপ্তাৰ টেঙাখাট আৰক্ষীৰ ৷

হাওৰাঘাটত ভয়াবহ পথ দুৰ্ঘটনাত মহিলাসহ আহত চাৰি

হাওৰাঘাটত ভয়াবহ পথ দুৰ্ঘটনাত মহিলাসহ আহত চাৰি ৷ ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় ই-ৰিক্সাৰ চালক ৷

হাগ্ৰামা-হিমন্তৰ মাজৰ বাকযুদ্ধক নাটক আখ্যা এ‌আইইউডিএফ নেতৃত্বৰ

বৃহস্পতিবাৰে 20 নং মথনগুৰি পৰিষদীয় সমষ্টিত কংগ্ৰেছ সমৰ্থিত এ‌আইইউডিএফৰ প্ৰাৰ্থী ফাৰহাদ আলীৰ হৈ যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ সম্পন্ন ৷ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ-এআইিউডিএফৰ মিত্ৰজোঁটে দহখনৰো অধিক আসন লাভ কৰিব বুলি আশা প্ৰকাশ দুয়োটা দলৰ নেতৃত্বৰ ৷

কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মুখ্যমন্ত্ৰী সোণোৱাল

কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ধেমেচীত আয়োজিত অসম দিৱসত উপস্থিত হৈ দুয়ো দলে ফাঁকি দি অহা বুলি মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিপিএফ প্ৰতিদ্বন্দিতাত নাই : হিমন্ত বিশ্ব শৰ্মা

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিপিএফ প্ৰতিদ্বন্দিতাত নাই বুলি দাবী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ পদযাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াইও কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লুৰিনৰ বিদায় বেলাত কি ক'লে সতীৰ্থসকলে ?

বিদায় বেলাত লুৰিনলৈ বিশেষ আহ্বান জনালে আছুৰ সতীৰ্থসকলে । এগৰাকী আপোচবিহীন আৰু বিচক্ষণ নেতা হিচাপে লুৰিনক অভিহিত কৰিলে সকলোৱে ৷

আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টি-20 মেচত ভাৰতীয় দল

আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টি-20 মেচত অৱতীৰ্ণ হ'ব ভাৰতীয় দল ৷ কেনবেৰাৰ মেনুকা অ'ভেলত অনুষ্ঠিত হ'ব প্ৰথমখন টি-20 ৷

ABOUT THE AUTHOR

...view details