অসম

assam

ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 3, 2020, 12:59 PM IST

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুঃ ভাৰত চৰকাৰক প্ৰশ্ন UNESCOৰ

তিনিচুকীয়াৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিষয় উত্থাপন হৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত । সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে UNESCOৰ সংঞ্চালক প্ৰধান অ'ড্ৰে এজৌলেই ।

ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ সম্ভাৱনা !

নগাঁৱৰ ঢাকাইপট্টিত বুধবাৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা কাৰ্যালয় মুকলি কৰি অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক উদীপ্ত ৰাজাই ৷ বিজেপি, কংগ্ৰেছৰ লগতে সাম্প্ৰদায়িক দলক প্ৰতিহত কৰাৰ স্বাৰ্থত এই সম্ভাৱনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে ৷

বাক্সাত পথ দুৰ্ঘটনাঃ এজন নিহত

বাক্সাত ভয়ানক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় প্ৰাত: ভ্ৰমণলৈ যোৱা কালিচৰণ তালুকদাৰ নামৰ এজন ব্যক্তি ৷ যাত্ৰীবাহী এখন বাছে খুন্দিওৱা ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে

সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হ'ব সদ্য পদত্যাগী আছু নেতা লুৰিনজ্যোতি গগৈক ৷ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বিদায় সভা ।

ড্ৰাগছৰ ঘাটি উৎখাত অভিযানত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

বুধবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত ড্ৰাগছ বেপাৰীৰ আক্ৰমণৰ বলি হয় কামৰূপ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ফুলকন নাৰ্জাৰীসহ এটা আৰক্ষীৰ দল ৷ আৰক্ষীয়ে 80 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে ইজাজুল আলী নামৰ এটা ড্ৰাগছ বেপাৰীক আটক কৰে ৷

জম্মু-কাশ্মীৰৰ ভুল নক্সা প্ৰদৰ্শিত লিংক আঁতৰাবলৈ ৱিকিপেডিয়াক নিৰ্দেশ ভাৰতৰ

জম্মু-কাশ্মীৰৰ ভুল নক্সা প্ৰদৰ্শিত লিংক আঁতৰাবলৈ ৱিকিপেডিয়াক নিৰ্দেশ দিছে ভাৰতে ৷ ইলেকট্ৰ'নিকছ এণ্ড আই.টি. মন্ত্ৰণালয়ৰ তথ্য আৰু প্ৰযুক্তি অধিনিয়ম 69A, 2000 ধাৰাৰ অধীনত এই নিৰ্দেশ প্ৰদান কৰা হৈছে ।

7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বিদ্যালয়-কলেজ

7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত বিদ্যালয়-কলেজসমূহ পুনৰ আৰম্ভ হ'ব ৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুযায়ী শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

সন্তোষ হোজাইৰ হত্যাকাণ্ড : দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ

ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত অসম আৰক্ষীৰ দুই কনিষ্টবল বিপুল লস্কৰ আৰু শংকৰ বণিয়াক পুনৰ তিনিদিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ আদালতৰ ৷

য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান

চ্যু-কা-ফা-দিৱস অৰ্থাৎ অসম দিৱসৰ দিনাই ৰাজ্য চৰকাৰে জনপ্ৰিয় ঔপন্যাসিক য়েছে দৰজে ঠংচিক প্ৰদান কৰিলে 2020 বৰ্ষৰ চ্যুকাফা বঁটা । ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা অসম দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট সাহিত্যিক গৰাকীক 2020 বৰ্ষৰ চ্যুকাফা বঁটা প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details