অসম

assam

By

Published : Oct 23, 2020, 1:09 PM IST

ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

আজি মহাসপ্তমী: গুৱাহাটীত কোভিড নিয়মৰ মাজেৰেই চলিছে পূজা

আজি মহাসপ্তমী ৷ এফালে কৰ'ণাই দূৰ্গা পূজাৰ উচাহ ম্লান পেলোৱাৰ সমান্তৰালভাৱে নেৰানেপেৰা বৰষুনেও আনন্দত যতি পেলাইছে ৷ সেয়েহে গুৱাহাটীত ক'ভিড-19ৰ সকলো নীতি-নিয়ম মানি পালন কৰা হৈছে সপ্তমী পূজা ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত 77,61,312 গৰাকী লোকলৈ অতিক্ৰম কৰিলে কৰ'ণা মহামাৰীৰ সংক্ৰমণে ৷ আনহাতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য়া বৃদ্ধি পাইছে 117306 গৰাকীলৈ ৷

অসমত 2 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰা তথ্য অনুসৰি, অসমত মুঠ 203282 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে মৃতকৰ সংখ্য়া বৃদ্ধি পালে 896 গৰাকীলৈ ৷

বাহুবলী প্ৰভাষলৈ জন্মদিনৰ অলেখ শুভকামনা

41 বছৰত ভৰি দিলে দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্ৰভাষে ৷ 1979 চনৰ আজিৰ দিনটোতে তামিলনাডুত জন্মগ্ৰহণ কৰা প্ৰভাষৰ প্ৰকৃত নাম উপ্পালাকাটি ভেংকটা সূৰ্যনাৰায়ন প্ৰভাষ ৰাজু ৷

কৃষক আইনৰ বিৰোধিতাৰে পঞ্জাৱত অব্যাহত আছে কৃষক মজদুৰ সংঘৰ প্ৰতিবাদ

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰা তিনিখন কৃষি আইন সন্দৰ্ভত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকৰ লগতে বিভিন্ন দল-সংগঠনে ৷ বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে এই আইনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

মঙলদৈত পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যিক স্থাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই মঙলদৈত উপস্থিত হৈ দুটাকৈ অনুষ্ঠানৰ উদ্ধোধন কৰে ৷ কৰ'ণা মহামাৰীৰ মাজতে এনে সভা অনুষ্ঠিত কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় বিজেপি ৷

ভাৰতৰ বায়ু দূষিত আখ্যা আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মন্তব্যত কংগ্ৰেছ নেতা কপিল ছিবালৰ প্ৰতিক্ৰিয়া ৷ কেন্দ্ৰক কটাক্ষ কৰি টুইটাৰত প্ৰতিক্ৰিয়া নেতা গৰাকীৰ ৷

ধিঙত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বৃহস্পতিবাৰে নিশা ধিঙৰ ঢাকাইবস্তিত সংঘটিত দুৰ্ঘটনাত থিতাতে এগৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় আন এগৰাকী লোক ৷

আইপিএল 2020 : মুম্বাইৰ বিৰুদ্ধে মৰণপণ যুঁজত চেন্নাই

আইপিএলৰ 41 সংখ্যক মেচত ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব শক্তিশালী মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৷ ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই দলৰ প্লে' অফত প্ৰৱেশৰ আশা প্ৰায় শেষ হৈছিল যদিও বেংগালুৰৰ হাতত কলকাতা দল পৰাস্ত হোৱাৰ পাচত কিছু আশা দেখা পাইছে দলটোৱে ৷

ডুমডুমাৰ হাপজানত ৬ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা

ডুমডুমাৰ হাপজানত এগৰাকী 6 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হয় ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দিলীপ মাৰাণ্ডী নামৰ এজন যুৱকক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে ৷

ABOUT THE AUTHOR

...view details