অসম

assam

ETV Bharat / city

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 30, 2020, 12:49 PM IST

আজি প্ৰদান কৰা হ’ব ড৹ দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়

আজি ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰিব যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে ৷ একাংশ শ্ৰমিকে চাহ শ্ৰমিকে বাগিচাৰ চিকিৎসালয়ৰ ভিতৰতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল চিকিৎসকগৰাকীক ৷

নৱ নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়াক সম্বৰ্ধনা অসম ৰাজ্যিক বিজেপিৰ

মঙলবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ নেতৃবৃন্দই সম্বৰ্ধনা জ্ঞাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত সাংসদ দীলিপ শইকীয়াক ৷

হোজাইত ভিক্ষা বৃত্তিত জড়িত কৰোৱা দুই কিশোৰক উদ্ধাৰ

ডবকা চহৰৰ এটা ভাড়াঘৰত ৰাখি চাৰিজনকৈ কিশোৰক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল মাইনুল আৰু ৰুহুল আমিনে ৷ ধিঙৰ পৰা ভিক্ষাবৃত্তিৰ ব্যৱসায় চলাই আহিছিল চক্ৰটোৱে ৷

হাথৰস গণধৰ্ষণঃ পিতৃক ঘৰত আবদ্ধ কৰি ৰাখি নিশাই পীড়িতাৰ মৃতদেহ সৎকাৰ আৰক্ষীৰ

উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণ পীড়িতাৰ মঙলবাৰে দিল্লীৰ সাফদৰগঞ্জত মৃত্যু হোৱাৰ পিছত নিশাৰ ভাগতে প্ৰশাসনে মৃতদেহৰ অন্তিম সংস্কাৰ কৰে ৷ আনহাতে, পীড়িতাৰ পিতৃয়ে অভিযোগ কৰিছে যে, দাহ কাৰ্যৰ সময়ত তেখেতক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল আৰক্ষীয়ে ৷

ধুবুৰীত সংঘটিত বাল্যবিবাহৰ ঘটনা

ধুবুৰীত পোহৰলৈ আহিছে বাল্যবিবাহৰ ঘটনা ৷ ধুবুৰীৰ তামাৰহাটৰ এখন বিবাহস্থলীৰ পৰা উদ্ধাৰ হয় নাবালক দৰা-কইনা ৷ তামাৰহাট আৰক্ষীয়ে তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱাত অভিভাৱকৰ লগতে কাজীয়ে পলায়ন কৰে ৷

ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ

ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ ৷ ৱাই. কে. শৰ্মাই এই হেলিকপ্টাৰ অৰ্পন কৰে জি ভি এছ ভাস্কৰক ৷

ক'ভিড পৰীক্ষাৰ নামত অৰুণাচলত টকা সংগ্ৰহৰ প্ৰতিবাদ চালক সন্থাৰ

অৰুণাচল প্ৰদেশত ক'ভিড পৰীক্ষাৰ নামত অসমৰ লোকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন ৷ চিলাপথাৰত অৰুণাচলৰ যান-বাহন অবৰোধ কৰি চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাজ্যত প্ৰলয়ংকাৰী বানৰ কবলত 13 খন জিলাৰ 3.18 লাখ লোক

ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অসমৰ বান পৰিস্থিতিয়ে । সোমবাৰে ৰাজ্যৰ 13 খন জিলাৰ প্ৰায় 3.14 লাখ লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে । ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগে সদৰি কৰা মতে, এই প্ৰলয়ংকাৰী বানত নগাঁও জিলাৰ ৰহা অঞ্চলৰ এজন লোকৰ মৃত্যু ঘটিছে ।

নিৰ্বাচন 2020 : ট্ৰাম্প, বিদেন তৰ্কযুদ্ধ

ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ ডেম'ক্ৰেটিক প্ৰতিদ্বন্দী জ' বিদেনে তেওঁলোকৰ প্ৰথমখন ৰাজহুৱা তৰ্কযুদ্ধত মিলিত হয় ৷ আমেৰিকাৰ স্থানীয় সময় অনুসৰি, মঙলবাৰে নিশা ক্লেভলেণ্ডত অনুষ্ঠিত এই তৰ্কযুদ্ধ ৷

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উঠিল বুলড'জাৰ

বাৰাণসীৰ এগৰাকী জ্যোতিষীয়ে ঘৰটো "বাস্তুসন্মত" নহয় বুলি কোৱাৰ বাবেই ঘৰটো ভাঙি পুনৰ নিৰ্মাণ কৰিব খুজিছে মন্ত্ৰী হিমন্ত বি্শ্ব শৰ্মাই । কেৱল কোটি টকীয়া ঘৰটো ভাঙি পেলোৱাই নহয়, অ'তদিনে যিখিনি মাটিৰ ওপৰত ঘৰটো সগৌৰৱেৰে মুৰ দাঙি থিয় হৈ আছিল সেই মাটিও খান্দি পেলোৱা হৈছে ।

ABOUT THE AUTHOR

...view details