অসম

assam

ETV Bharat / city

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 25, 2020, 1:03 PM IST

নগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নগাঁৱত উদ্ধাৰ হৈছে এক অচিনাক্ত মৃতদেহ ৷ হয়বৰগাঁও হাইস্কুলৰ সমীপত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ বৰ্তমানলৈকে মৃতদেহটোৰ কোনো পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত থকা এটা পুখুৰীত উদ্ধাৰ মৃতদেহ ৷ মৃত ব্যক্তিজনৰ নাম বকুল ভূঞা ৷

গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ অভিযোগত 7 জন লোকক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ক্ৰমে দুটাকৈ পৃথক গোচৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে 7 লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা আটাইকেইজন লোক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে থকাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰাহুল গান্ধীক 'টুইটাৰ গান্ধী' আখ্যা লংকা দিনাকৰৰ

ৰাহুল গান্ধীক 'টুইটাৰ গান্ধী' আখ্যা লংকা দিনাকৰৰ ৷ ইচ্ছাকৃতভাৱে সংসদৰ অধিৱেশনত অনুপস্থিত থাকি বিদেশত অৱসৰ বিনোদন কৰিছে বুলি ৰাহুল গান্ধীক সমালোচনা দিনাকৰৰ ৷

ভাৰত বন্ধ : জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

প্ৰায় 25 টা কৃষক সংগঠনৰ কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে কৃষকে ৷

বিজেপিক বণিক শ্ৰেণীৰ দল আখ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

বিজেপি দল বণিক শ্ৰেণীৰ দল আখ্যা । বণিক শ্ৰেণীয়ে বিজেপিলৈ ধনৰ যোগান ধৰে বাবেই বণিক গোষ্ঠীৰ হৈ কাম কৰে তেওঁলোকে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ৷

2021 ত কৃষ্ণ-অৰ্জুনৰ ভূমিকা পালন কৰিব সৰ্বানন্দ-হিমন্তই

২০২১ ৰ বিধানসভা নিৰ্বাচনত কৃষ্ণ-অৰ্জুনৰ ভাৱত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা । বিৰাট ৰজাৰ ভাৱত থাকিব আঞ্চলিক দল অগপ ৷ আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই কৰিছে এই মন্তব্য ।

আজি ঘোষণা হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা ৷ নিৰ্বাচনী আয়োগে আজি দুপৰীয়া 12 বজাত এখন সংবাদমেল সম্বোধন কৰিব ৷ এই সংবাদমেলতেই বিহাৰ বিধানসভা নিৰ্বাচনৰ কাৰ্যক্ৰম ঘোষণা কৰাৰ সম্ভাৱনীয়তা আছে ৷

ৰাজ্যত কৰ'ণা ভাইৰাছে প্ৰাণ ল’লে 608 গৰাকীৰ

ক্ৰমশঃ ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷ বৰ্তমান ৰাজ্যত আক্ৰান্তৰ সংখ্যা 1,65,582 গৰাকী আৰু মৃতকৰ সংখ্যা 608 গৰাকীলৈ বৃদ্ধি ৷

সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ

‘ভইছ অৱ অসম’ (Voice of Assam) নামৰ এটা টুইটাৰ একাউণ্টৰ বিৰুদ্ধে মহানগৰীৰ হাতীগাঁও থানাত এজাহাৰ দাখিল । সাংবাদিক তথা লেখক জিয়াউৰ ৰহমানে দাখিল কৰিছে এই এজাহাৰ ।

ABOUT THE AUTHOR

...view details