অসম

assam

ETV Bharat / city

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 24, 2020, 1:02 PM IST

পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক

শিৱসাগৰত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰ বেগী মেজিকে বিপৰীত দিশৰ পৰা অহা বাইকত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এগৰাকী যুৱক ৷ বাইকত অহা আন গৰাকী যুৱকৰ চিকিৎসালয়ত মৃত্যু ঘটে ৷

অগপক সমষ্টি এৰি দিবলৈ অনিচ্ছুক টীয়কৰ দুই মণ্ডল বিজেপি

2021 ৰ বিধানসভা নিৰ্বাচনী প্ৰস্তুতি তুংগত উঠাৰ সময়তে টীয়ক সমষ্টি অগপক এৰি নিদিয়াৰ সিদ্ধান্ত যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ বিজেপিৰ দুই মণ্ডলৰ ৷ বুধবাৰে এখন কাৰ্যনিৰ্বাহক সভাত কলিয়াপানী মণ্ডল বিজেপি আৰু চিপাহীখোলা মণ্ডল বিজেপিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি উৰ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷

কৰিমগঞ্জত আটক তিনি নাইজেৰিয়ান নাগৰিক

অসমত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা তিনি নাইজেৰিয়ান নাগৰিকক আটক কৰিমগঞ্জত ৷ চূড়াইবাৰী আৰক্ষীৰ অনুসন্ধানত আটক নাইজেৰিয়ান নাগৰিক কেইজন ৷

উৎকোচ লৈ গ্ৰেপ্তাৰ ধুবুৰীৰ দুই আৰক্ষী বিষয়া

দুৰ্নীতি নিবাৰণ শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল দুজনকৈ আৰক্ষী বিষয়া । ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাত নিশালৈকে অভিযান মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰণ আৰু তদন্তকাৰী শাখাৰ বৃহৎ দলৰ । উৎকোচ লোৱাৰ অভিযোগত আটক বিষয়া দুগৰাকী ৷ উদ্ধাৰ বহু বিস্ফোৰক তথ্য ।

চিৰাঙত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী আইন আৰু EIA-2020 বাতিলৰ দাবীত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ সহযোগত আৰু পানবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৷

১৩৫ বছৰ পুৰণি বিভাগৰ নাম সলনিৰে নতুন নাম "লোকনিৰ্মাণ বিভাগ"

১৩৫ বছৰীয়া অসম চৰকাৰৰ এটা বিভাগৰ নাম সলনি হ'ল । ১৮৮৫ চনত বৃটিছ চৰকাৰে অসমত এইটো বিভাগ গঠন কৰিছিল । নাম দিছিল "গড়কাপ্তানী বিভাগ" । কিন্তু এতিয়াৰে পৰা গড়কাপ্তানী বিভাগৰ নতুন নাম হ'ব "লোকনিৰ্মাণ বিভাগ" ।

প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহত নিশা আৰক্ষী আৰু চিআইডিৰ অভিযান

অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ প্ৰশ্ন কাকত ফাদিল কৰি আৰক্ষীৰ জালত পৰিছে কেইবাজনো লোক । এতিয়া ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য । প্ৰশ্ন কাকত ফাদিলৰ সৈতে এইবাৰ নাম সাঙোৰ খাইছে অসম আৰক্ষীৰ প্ৰাক্তন DIG পি কে দত্তৰ নাম ৷

মোদী আৰু ঝীৰ বৈঠকেহে অৱসান ঘটাব প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বিবাদ

ভাৰত-চীন সীমান্তৰ বিবাদ নিস্পত্তিৰ মোডী-ঝীৰ আলোচনাৰ জৰিয়তেহে সমাধান হোৱাৰ সম্ভাৱনা আছে ৷

লোকসভাত জনসংখ্যা আইনৰ প্ৰসংগ উত্থাপন কৰা দিলীপ শইকীয়াক ধন্যবাদ সমাধান ফাউণ্ডেশ্বনৰ

লোকসভাত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰসংগ উত্থাপন কৰা সাংসদ দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন জনসংখ্যা সমাধান ফাউণ্ডেশ্বনৰ ৷

জুৰীয়াত কাঠ ফলা মিলসহ বৃহৎ পৰিমাণৰ চেগুণ কাঠ জব্দ

ৰূপহীহাটৰ জুৰীয়াত নগাঁও বন বিভাগৰ অভিযান ৷ নগাঁও জিলা বন সংমণ্ডল বিষয়াৰ নেতৃত্বত বন বিভাগে চলোৱা অভিযানত জব্দ কাঠ ফলা মিলৰ লগতে বৃহৎ পৰিমানৰ চেগুণ কাঠ ৷

ABOUT THE AUTHOR

...view details