অসম

assam

ETV Bharat / city

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 23, 2020, 1:15 PM IST

বিতৰ্কিত কৃষি বিধেয়ক : ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰিব বিৰোধী দলে

বিতৰ্কিত কৃষি বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰিব বিৰোধী দলে ৷ আজি বিয়লি 5 বজাত 5 গৰাকী বিৰোধী নেতাই বৈঠকত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি কোবিন্দৰ সৈতে ৷

মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 39 লৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীত বিল্ডিং খহি মৃত্যু হোৱা লোকৰ সংখ্যা 39 লৈ বৃদ্ধি পাইছে ৷ প্ৰায় 11 শিশুয়ে ঘটনাত প্ৰাণ হেৰুৱাইছে ৷

ক'লাজান নৈত উদ্ধাৰ হাত-ভৰি বন্ধা অচিনাক্ত মৃতদেহ

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ পুৰণি মছজিদৰ সমীপৰ ক'লাজান নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ মৃতদেহটো হাত-ভৰি বন্ধা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

ভাৰতে সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে ABHYASৰ

ওড়িশাৰ পৰীক্ষণ ৰেঞ্জৰ পৰা ভাৰতে সফলতাৰে ABHYAS-হাই স্পীড এক্সপেণ্ডেবল এৰিয়েল টাৰ্গেটৰ উৰন প্ৰক্ৰিয়া সম্পন্ন কৰে ৷ সুৰক্ষা সূত্ৰই জানিবলৈ দিয়া অনুসৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ এই পৰীক্ষণক কেইবাটাও ৰাডাৰ আৰু ইলেট্ৰ’ অপটিক চিষ্টেমৰ দ্বাৰা নিৰীক্ষণ কৰা হয় ৷

সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত দুজনক গ্ৰেপ্তাৰ

বুধবাৰে কৰিমগঞ্জ আৰক্ষীয়ে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা লোক দুজন ইকবাল হুছেন আৰু জমছেদ আহমেদ বুলি চিনাক্ত কৰা হৈছে ৷

আৰক্ষীৰ জালত প্ৰলোভনেৰে ধন লুট কৰা মহিলা

আৰক্ষীৰ জালত পৰিল ঋণ দিয়াৰ প্ৰলোভনেৰে গাঁৱৰ সহজ সৰল মহিলাক আভুৱা ভৰি ধন লুট কৰি অহা এগৰাকী মহিলা ৷ গোলাঘাটৰ শান্তিপুৰত ভাড়াতীয়া হিচাপে থাকি বহু মহিলাক ঋণ দিয়াৰ নামত ইনা খান ওৰফে তনবীৰ খান নামৰ মহিলা গৰাকীয়ে কৰি আহিছে প্ৰবঞ্চনা ৷

অন্ কেমেৰা ট্ৰাকৰ পৰা ধন সংগ্ৰহ কাছাৰ আৰক্ষীৰ

ৰাজপথত ট্ৰাকৰ পৰা আৰক্ষীৰ ধন সংগ্ৰহৰ দৃশ্য বন্দী কেমেৰাত ৷ নাকা চেকিঙৰ নামত প্ৰতিখন ট্ৰাকৰ পৰা টকা সংগ্ৰহ ধলাই আৰক্ষীৰ ৷

কৃষি আইন প্ৰত্যাহাৰৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কৃষকৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা অধ্যাদেশ তিনিখনকলৈ মঙলবাৰে প্ৰতিবাদত বহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷ সমগ্ৰ কৃষি ব্যৱস্থাটো পুঁজিপতিৰ হাতত গতাই দিয়াৰ এয়া চক্ৰান্ত বুলি অভিহিত কৰিলে প্ৰদেশ কংগ্ৰেছে ৷

কা বাতিল আৰু মূল্য বৃদ্ধিৰ প্ৰতিবাদত মৰাণত জোঁৰ সমদল

সংশোধিত নাগৰিকত্ব আইন বাতিল আৰু অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে মৰাণত চৰাইদেউ মহকুমা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে এক জোঁৰ সমদল বাহিৰ কৰে ।

RR বনাম CSK: লুংগি এনগিডীৰ অপ্ৰত্যাশিত অভিলেখ

অপ্ৰত্যাশিত অভিলেখৰ গৰাকী হ'ল লুংগি এনগিডী ৷ 30 ৰাণ প্ৰদান কৰি আইপিএলৰ ইতিহাসৰ চূড়ান্ত অ'ভাৰত সৰ্বাধিক ব্যয়বহুল বলাৰ হিচাপে পৰিগণিত হয় লুংগি এনগিডী ৷

ABOUT THE AUTHOR

...view details