অসম

assam

ETV Bharat / city

1 বজাৰ শীৰ্ষ বাতৰি

1 বজাৰ শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ বাতৰি

By

Published : Aug 18, 2020, 1:31 PM IST

  1. ৬৮সংখ্যক 'মন কী বাত'ৰ বাবে দেশবাসীৰ পৰা উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে

অনাতাঁৰ কেন্দ্ৰযোগে প্ৰতি মাহে প্ৰচাৰিত 'মন কী বাত' অনুষ্ঠানত জনতাৰ উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। চলিত মাহৰ ৩০তাৰিখে প্ৰচাৰিত হ'বলগীয়া ৬৮সংখ্যক 'মন কী বাত'ত দেশবাসীৰ সহযোগিতাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। লগতে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ বীৰ সৈনিকৰ সাহসৰ ছবি প্ৰতিফলিত কৰা কাহিনীৰ বিষয়ে অৱগত কৰাবলৈও দেশৰ যুৱ প্ৰজন্মক আহ্বান জনালে।

2.কৰ’ণা সংক্ৰমণৰ মাজতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তক আদৰাৰ প্ৰস্তুতি

এইবেলি কৰ’ণা মহামাৰীৰ বাবে ম্লান পৰিছে এই আধ্যাত্মিক পৰিৱেশৰ ৷ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে বান্ধি দিছে কিছু নীতি-নিয়ম ৷ নামঘৰলৈ অহা সকলো লোকেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ এবাৰত নামঘৰৰ ভিতৰত 50 গৰাকী ভক্তহে সোমাহ পাৰিব ৷ আনহাতে, শৰাইৰ বাবে নৈবেদ্য দিয়াসকলে নিৰ্দিষ্ট কৰি দিয়া বৃত্তৰ মাজৰ পৰাহে নৈবেদ্য অৰ্পন কৰিব পাৰিব ৷

3.এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

মঙলবাৰে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

4.মানৱসম্পদ উন্নয়ণ মন্ত্ৰণালয়ক "শিক্ষা মন্ত্ৰণালয়"ৰে নামাকৰণৰ অনুমতি ৰাষ্ট্ৰপতিৰ

সোমবাৰে মানৱসম্পদ উন্নয়ণ মন্ত্ৰণালয়ৰ নাম পৰিৱৰ্তন কৰি শিক্ষা মন্ত্ৰণালয় কৰিবলৈ অনুমতি প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৷ চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ এই কথা ৷

5. অৱশেষত নিৰ্বাপনৰ দিশে বাঘজানৰ জুই

বাঘজানত স্থাপিত হ'ল বিশেষ BOP ৷ বিশেষভাৱে তৈয়াৰী BOPটো সফলতাৰে সংস্থাপন কৰা হয় ৷ 83 দিনৰ অন্তত বাঘজান তৈলক্ষেত্ৰৰ BGR-5ত BOP স্থাপনত সফল অইল কৰ্তৃপক্ষ ৷

6.পদ্মবিভূষণ সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান

ভাৰতীয় সাংস্কৃতিক জগতলৈ দুঃখবৰ ৷ 90 বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰসিদ্ধ সংগীত শিল্পী পণ্ডিত যশৰাজৰ ৷

7. ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড

ধুবুৰীৰ এখন বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । পাঁচখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত ৷

8.‘কা’ আৰু ‘EIA’ ৰ বিৰুদ্ধে বিশ্বনাথত ব্যাপক প্ৰতিবাদ

‘‘নাগৰিকত্ব সংশোধনী আইন’’ আৰু ‘‘পৰিবেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020’’ ৰ সন্দৰ্ভত বিশ্বনাথত প্ৰতিবাদ অসম জাতীয়বাদী যুৱ ছাত্র পৰিষদৰ ৷

9.অসম আৰক্ষীক প্ৰশ্ন জুবিন গাৰ্গ ফেন ক্লাৱৰ

সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱে জুবিন গাৰ্গক অপদস্থ কৰা দুস্কৃতিকাৰীক আটক কৰিব নোৱাৰাৰ বাবে অসম আৰক্ষীক গৰিহণা দিয়াৰ লগতে অসম আৰক্ষীলৈ প্ৰক্ষেপ কৰিছে কেইবাটাও প্ৰশ্ন ৷

10. চীনৰ গুপ্তচৰৰ সন্দেহত আটক প্ৰাক্তন চিআইএ বিষয়া

1989 অৱসৰ গ্ৰহণৰ 12 বছৰৰ পিছত আলকজেণ্ডাৰ য়ুক ছিং মাই চীনৰ সুৰক্ষা মন্ত্ৰণালয়ৰ পাঁচগৰাকীকৈ বিষয়াক সাক্ষাৎ কৰিছিল ৷ এই সময়তেই তেখেতে দেশৰ সুৰক্ষাৰ বহু গুৰুত্বপূৰ্ণ তথ্য চীনক প্ৰদান কৰিছিল ৷

ABOUT THE AUTHOR

...view details