হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী
ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী ছাত্ৰ ছাত্ৰী ৷
প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই
প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই ৷ তেওঁ লাভ কৰিলে মুঠ ৫৯৫ নম্বৰ ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল ডিব্ৰুগড়ৰ অলংকৃতাৰ
ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলৰ ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই ৷ অলংকৃতাই 600 নম্বৰৰ ভিতৰত সৰ্বমুঠ 594 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
তৃতীয় স্থানত জিলিকিল লখিমপুৰৰ নাৰায়নপুৰৰ দেবিস্মা প্ৰিয়া বৰা
লখিমপুৰ জিলাৰ মুঠ 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে স্থান ৷ সৰ্বমুঠ 591 নম্বৰেৰে তৃতীয় স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী দেবিস্মা প্ৰিয়া বৰাই ৷
চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা
আজি ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । কামৰূপ মহানগৰ জিলাৰ দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যুটীয়াভাৱে লাভ কৰিলে চতুৰ্থ স্থান ।