নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা(Vishwakarma Puja 2022) ৷ ঋকবেদৰ মতে, বিশ্বকৰ্মাই সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে। তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয় । সেয়ে তেওঁক দেৱতাৰ শিল্পী তথা দেৱশিল্পী হিচাপে অভিহিত কৰা হয় । বিশ্বকৰ্মা পূজা উপলক্ষ্যে আজি ধুই-পখালি চিকুণাই তোলা হৈছে যান-বাহন, কল-কাৰখানাৰ যন্ত্ৰ-পাতি ৷
বিশ্বকৰ্মা পূজা মূলতে ভাৰতৰ অসম, কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাকে ধৰি কেইবাখনো ৰাজ্যত ৷ প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয় হয় বিশ্বকৰ্মা পূজা । এই উৎসৱ সাধাৰণতে কাৰখানা আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে ঘৰতো পালন কৰে । বিশ্বকৰ্মা পূজাত ঘৰত থকা সাধাৰণ চাইকেলখনৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগৰ যন্ত্ৰসমূহক পূজা অৰ্চনা কৰা হয় ৷