অসম

assam

ETV Bharat / city

বন্ধুৰ বাবে এটা দিন ! - বন্ধু

বন্ধুত্ব দিৱস উপলক্ষে এক প্ৰতিবেদন...

Friendship Day
আজি বন্ধুত্ব দিৱস

By

Published : Aug 2, 2020, 10:45 AM IST

নিউজ ডেস্ক, 2 আগষ্ট: আজি ‘বন্ধুত্ব দিৱস’ ৷ প্ৰতিবছৰৰ দৰে এইবাৰো বন্ধুত্ব দিৱস উদযাপন কৰিবলৈ সাজু হৈছে ভাৰতবাসী ৷ উল্লেখ্য যে, জীৱন বাটত বন্ধুৰ ভূমিকা স্বীকাৰ কৰি পাৰাগুৱে দেশবাসীয়ে 1958 চনৰ 30 জুলাইত পোন প্ৰথমবাৰৰ বাবে ‘বন্ধুত্ব দিৱস’ উদযাপন কৰিছিল ৷ ইয়াৰে ঠিক 5 দশক পাচত 2011 চনৰ 27 এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত 30 জুলাই দিনটো ‘আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস’ হিচাপে ঘোষণা কৰা হয় ৷ অৱশ্যে দেশভেদে বন্ধুত্ব দিৱস উদযাপনৰ দিন ভিন্ন ভিন্ন ৷ ভাৰতত প্ৰতিবছৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে ‘বন্ধুত্ব দিৱস’ পালন কৰা হয় ৷

আজি বন্ধুত্ব দিৱস

‘বন্ধুত্ব’ হৈছে হৃদয়ৰ এক অকৃত্ৰিম অনুভৱ ৷ বন্ধুত্ব হৈছে ব্যক্তি বিশেষৰ মাজত গঢ়ি উঠা এক আৱেগিক বান্ধোন ৷ কোনো জাতি-ধৰ্ম, বয়স নমনা বন্ধুত্ব গঢ়ি উঠে বিশ্বাসৰ ওপৰত ৷ পৃথিৱীৰ কোনো মানুহেই হয়তো এতিয়ালৈকে বন্ধু অবিহনে জীৱনটো উপভোগ কৰা নাই ৷ বন্ধুহীন জীৱন বৰণহীন বুলি ক’লেও ভুল কোৱা নহয় ৷

আজি বন্ধুত্ব দিৱস

পিতৃ-মাতৃ বা আত্মীয়ক ক’ব নোৱাৰা বহু কথা আমি বন্ধুৰ সৈতে আলোচনা কৰি মনটো পাতলীয়া কৰো ৷ সেয়েহে বন্ধুত্ব সম্পৰ্কে দাৰ্শনিক ছক্ৰেটিছেও এনেদৰে কৈছিল, ‘‘Be slow to fall into friendship; but when thou art in, continue firm and constant’’. অৰ্থাৎ ‘‘বন্ধুত্বৰ ফালে লাহে লাহে আগুৱাই যাবা ৷ এবাৰ বন্ধুত্ব গঢ়িলে তাত অবিচল, দৃঢ় আৰু স্থায়ী হৈ ৰ’বা’’ ৷

সম্প্ৰতি বন্ধুত্ব দিৱস বুলিলে নৱ প্ৰজন্মৰ মাজত এক ব্যাপক উছাহ দেখা পৰিলক্ষিত হয় ৷ বন্ধুত্বৰ চিন হিচাপে এজনে আনজনৰ হাতত ‘ফ্ৰেণ্ডশ্বিপ বেণ্ড’ পিন্ধোৱা দেখা যায় ৷ ইয়াৰ জৰিয়তে যেন দুই বন্ধুৰ মাজত চিৰদিনৰ বাবে বন্ধুত্বপূৰ্ণ মনোভাৱ থাকি যায় বুলি বিশ্বাস কৰা হয় ৷

আজি বন্ধুত্ব দিৱস

ৰাষ্ট্ৰীয় বন্ধুত্ব দিৱসৰ এই বিশেষ দিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰা জনালো বন্ধুত্ব দিৱসৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক:দেশৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসম কন্যা মনালিছা বৰুৱা মেহতা

ABOUT THE AUTHOR

...view details