গুৱাহাটী, 6 অক্টোবৰ: মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু (Tejaswita Baruah's death) সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা (TMC Assam president Ripun Bora) আৰু অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (TMC Assam president Ripun Bora reacts) ।
মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনাটোৱ অসমৰ চৰকাৰী চিকিৎসা ব্যৱস্থাৰ ফোফলা স্বৰূপ দাঙি ধৰিছে বুলি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই অভিযোগ উত্থাপন কৰে (Reaction on death of Tejaswita Baruah) ৷
তেজস্বিতা বৰুৱাৰ মৃত্যু সন্দৰ্ভত ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া বৃহস্পতিবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, তেজস্বিতা বৰুৱাৰ দৰে এগৰাকী প্ৰতিভাৱান সংগীত শিল্পীয়ে অকালতে মৃত্যুক সাৱটি লোৱা ঘটনাটো অতি দুখজনক । তেজস্বিতা বৰুৱাৰ পিতৃ মাতৃৰ প্ৰতি ৰিপুণ বৰাই সমবেদনা জনায় । উল্লেখ্য যে, গীত, নৃত্যৰে জনতাক মোহছন্ন কৰা মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজস্বিতা বৰুৱাৰ (১৪) (Child artist Tejaswita Baruah of Majuli) বুধবাৰে আকস্মিক মৃত্যু ঘটে ।
ঘৰৰ ওচৰতে আয়োজন কৰা অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ যোৱা তেজস্বিতা বৰুৱা হঠাৎ অসুস্থ হৈ পৰাত লগে লগে গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় । প্ৰতিভাৱান তেজস্বিতাৰ আকস্মিক মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই মাজুলীবাসীয়ে । চিকিৎসকৰ গাফিলতিৰ বাবেই শিশু শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে ।
তেজস্বিতাৰ আকস্মিক বিয়োগৰ খবৰটোৱে ৰাজ্যজুৰি শোকৰ ছাঁ পৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা কয় যে, অক্সিজেনৰ অভাৱত তেজস্বিতা বৰুৱাৰ মৃত্যু হৈছে । এই ঘটনা অতি দুৰ্ভাগ্যজনক । ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণৰ কথা কৈ থকা সময়তে অক্সিজনৰ অভাৱ হোৱাৰ কথাটো অত্যন্ত দুৰ্ভাগ্যজনক ।
তেওঁ লগতে কয় যে, তেজস্বিতাৰ মৃত্যুৰ ঘটনাৰ পাছতে নিলম্বন কৰা হয় গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক ( Garmur Hospital superintendent suspended) । স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনাৰ জৰিয়তে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কিন্তু এই ঘটনাৰ বাবে গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীয়ে অকল দায়ী নহয় । ইয়াৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পাঁচবছৰ মাজুলীৰ বিধায়ক হোৱা সৰ্বানন্দ সোণোৱাল , মুখ্যমন্তী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও সমানে জগৰীয়া ।
চৰকাৰে চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক নিলম্বন কৰি দায়ী সাৰিলে নহ’ব বুলি উল্লেখ কৰি ৰিপুণ বৰাই কয় যে, চৰকাৰে অকল নতুন নতুন হাস্পতাল নিৰ্মাণ কৰিলে নহ’ব, হাস্পতালত পৰ্যাপ্ত চিকিৎসক, দৰৱ, অক্সিজেন আদি মজুত আছে নে নাই তাৰো হিচাপ ৰাখিব লাগিব । লগতে তেওঁ চৰকাৰী হাস্পতালত অক্সিজেনৰ অভাৱত তেজস্বিতা বৰুৱাৰ দৰে প্ৰতিভাৱান শিল্পীৰ মৃত্যুৰ দৰে ঘটনাটোৱে অসমত শেষ ঘটনা হওক বুলিও কয় ৷
লগতে পঢ়ক:তেজস্বিতাৰ বাসগৃহত উপস্থিত মাজুলীৰ জিলা উপায়ুক্ত