অসম

assam

ETV Bharat / city

তিৱা পৰিষদীয় নিৰ্বাচনৰ নৱনির্বাচিত প্রতিগৰাকী পাৰিষদলৈ ৰণজিৎ দাসৰ অভিনন্দন - তিৱা স্বায়ত্ব পৰিষদৰ নির্বাচনী ফলাফল

শনিবাৰে ঘােষিত তিৱা স্বায়ত্ব পৰিষদৰ নির্বাচনী ফলাফলত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত জনাদেশ দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী, অসম প্রদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে পৰিষদখনৰ জনসাধাৰণৰ প্রতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ফলাফলৰ '২১ৰ নিৰ্বাচনৰ প্ৰতিফলন
তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ফলাফলৰ '২১ৰ নিৰ্বাচনৰ প্ৰতিফলন

By

Published : Dec 19, 2020, 10:25 PM IST

Updated : Dec 20, 2020, 11:59 AM IST

গুৱাহাটী, ১৯ ডিচেম্বৰ :তিৱা স্বায়ত্ব পৰিষদৰ নির্বাচনী ফলাফলত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত জনাদেশ দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী, অসম প্রদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে পৰিষদখনৰ জনসাধাৰণৰ প্রতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে । শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিযােগে সভাপতিগৰাকীয়ে পৰিষদ অঞ্চলৰ বিজেপিৰ বুথ সভাপতি তথা সমিতি ও কার্যকর্তাসকল, মণ্ডল সভাপতি, সমিতি তথা কার্যকর্তাসকল, জিলা সভাপতি সমিতি তথা কার্যকর্তাসকল, দলৰ নির্বাচনী তত্বাৱধায়ক সাংসদ হৰেন সিং বে', সহঃতত্বাৱধায়ক তথা ৰাজ্যিক সম্পাদক দিপলু ৰঞ্জন শর্মা প্ৰমুখ্যে ৰাজ্যিক তত্বাৱধায়ক-সহ তত্বাৱধায়ক তথা বিষয়ববীয়া, সংশ্লিষ্ট বিধায়ক, সাংসদমন্ত্রী সকলােলৈ গতিশীল নেতৃত্বৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

তিৱা পৰিষদীয় নিৰ্বাচনৰ নৱনির্বাচিত প্রতিগৰাকী পাৰিষদলৈ ৰণজিৎ দাসৰ অভিনন্দন

বিবৃতিটোত সভাপতি দাসে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু নেডাৰ আহ্বায়ক তথা মন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ প্রতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰি নৱনির্বাচিত প্রতিগৰাকী পাৰিষদলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে । পাৰিষদসকলক উদ্দেশ্যি সভাপতিগৰাকীয়ে আশা প্রকাশ কৰিছে যে তেখেতসকলৰ কামকাজত জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হ'ব । একেটা বিবৃতিত আজিৰ এই ফলাফল অহা ২০২১ৰ বিধানসভা নির্বাচনৰ ফলাফলৰ এক আগজাননী হিচাপে অভিহিত কৰিছে সভাপতি দাসে । আনহাতে, আজিৰ অভাৱনীয় সফলতাৰ পাছত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ প্রধান কার্যালয় "অটল বিহাৰী বাজপেয়ী ভৱন"ত বিজয় উৎসৱ উদযাপন কৰা হয় ।

লগতে পঢ়ক :ব্যাপক প্ৰচাৰৰ পাচতো তিৱা পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছৰ মুখ থেকেছা

Last Updated : Dec 20, 2020, 11:59 AM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details