অসম

assam

ETV Bharat / city

Tiska Mrs India runners up: ৰেম্পত বিহু নৃত্য প্ৰদৰ্শনেৰে মধ্য প্ৰদেশৰ যুৱতীয়ে জিনিলে অসমবাসীৰ হৃদয় - প্ৰাক্তন মিছ ৱৰ্ল্ড অদিতি টি গোবিত্ৰিকাৰ

গুৰগাঁৱত অনুষ্ঠিত টিস্কা মিছ এণ্ড মিচেছ ইণ্ডিয়া ২০২২ প্ৰথম ৰাণাৰ-আপ সন্মান(Tiska Miss and Mrs India 2022) ত লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গুৱাহাটীৰ নিশা তিৱাৰীয়ে ৷ মধ্য প্ৰদেশৰ নিশা তিৱাৰীয়ে বিগত সাতবছৰ ধৰি অসমতে বসবাস কৰি আহিছে ৷ টিস্কা মিছ এণ্ড মিচেছ ইণ্ডিয়া প্ৰতিযোগিতাতখনত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল নিশাই ৷

tiska-miss-and-mrs-india-runner-up-nisha-tiwari-interview
ৰেম্পত বিহু নৃত্য প্ৰদৰ্শনেৰে মধ্য প্ৰদেশৰ যুৱতীয়ে জিনিলে অসমবাসীৰ হৃদয়

By

Published : Oct 14, 2022, 5:23 PM IST

গুৱাহাটী, ১৪ অক্টোবৰ: চলিত বৰ্ষৰ ৯ অক্টোবৰত গুৰগাঁৱত অনুষ্ঠিত টিস্কা মিছ এণ্ড মিচেছ ইণ্ডিয়া ২০২২(Tiska Miss and Mrs India 2022) প্ৰতিযোগিতাত গুৱাহাটীৰ নিশা তিৱাৰীয়ে প্ৰথম ৰাণাৰ-আপ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । অসমৰ হৈ প্ৰতিনিধিত্ব কৰা নিশা তিৱাৰীয়ে ৰেম্পত বিহু নৃত্য প্ৰদৰ্শনেৰে জুৰি সদস্যসকলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়(Assamese traditional Bihu dance) ।

ৰেম্পত বিহু নৃত্য প্ৰদৰ্শনেৰে মধ্য প্ৰদেশৰ যুৱতীয়ে জিনিলে অসমবাসীৰ হৃদয়

উল্লেখ্য যে, মধ্য প্ৰদেশ নিবাসী বৰ্তমান গুৱাহাটীৰ নুনমাটিৰ চেক্টৰ ১ৰ আবাসীক এলেকাৰ বাসিন্দা ৰবি শংকৰ তিৱাৰীৰ পত্নী নিশাই টিস্কা মিচেছ ইণ্ডিয়া গ’ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । নিশা তিৱাৰীয়ে ৰাজ্যিক সাংস্কৃতিক পৰ্যায়ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল । নিশা তিৱাৰীয়ে প্ৰথম ৰাণাৰ-আপ সন্মান লাভ কৰি অসমক প্ৰতিনিধিত্ব কৰিবলৈ পাই অতি আনন্দিত হোৱাৰ কথা জানিবলৈ দিয়ে(Tiska Miss and Mrs India runner up Nisha Tiwari) ৷

তেওঁ অসমৰ বিহুৰ প্ৰতি আকৰ্ষিত হৈ বিহু নৃত্য কৰিবলৈ আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷ প্ৰতিযোগিতাখনতো তেওঁ অসমৰ বিহু নৃত্য প্ৰদৰ্শন কৰা কথা জানিবলৈ দিয়ে ৷ নিশাই লগতে অসমৰ বিহু নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰিবলৈ পাই অতি সুখী বুলি মন্তব্য কৰে ৷ এই প্ৰতিযোগিতাত ভাৰবৰ্ষৰ অন্য ৰাজ্যৰ প্ৰতিযোগিক পিছ পেলাই শ্ৰেষ্ঠ কেট ৱাক, শ্ৰেষ্ঠ ছাল আৰু মিছ তাল এণ্টেড খণ্ড খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় নিশা ।

প্ৰাক্তন মিছ ৱৰ্ল্ড অদিতি টি গোবিত্ৰিকাৰ(Former Miss World Aditi Govitrikar) জুৰী সদস্য হিচাপে উপস্থিত থকা উক্ত প্ৰতিযোগিতাত আন জুৰি সদস্য হিচাপে উপস্থিত থাকে প্ৰশান্ত চৌধুৰী, ৰোহিত ধিংৰা, শচীন খুৰানা, পায়েল সিং, অম্বিকা মাগোত্ৰা, অঞ্জলি চাহনী আৰু স্বৰীনা সিং । । সমগ্ৰ ভাৰতৰ পৰা অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰিছিল । উল্লেখ্য যে, দুটা সন্তানৰ মাতৃ আৰু এগৰাকী সুগৃহিণী নিশা তিৱাৰীয়ে ইউটিউব চেনেলত বিহু নৃত্য চাই বিহু নৃত্যৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:Mur xekh gaan: 14 অক্টোবৰত আহি আছে মোৰ শেষ গান

ABOUT THE AUTHOR

...view details