গুৱাহাটী, 28 আগষ্টঃ ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থাক লৈ সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী। ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে মহানগৰীতো আৰক্ষীয়ে গঢ়ি তুলিছে নিৰাপত্তা বেষ্টনী।গুৱাহাটীত থকা ৭৮ টা সেৱা কেন্দ্ৰৰ লগতে এন আৰ চিৰ মুখ্য কার্যালয়ত নিয়োজিত কৰা হৈছে নিৰাপত্তাৰক্ষী। এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ নিৰাপত্তাৰক্ষী মহানগৰ আৰক্ষীৰ হাতত মজুত থকা বুলি জানিবলৈ দিয়ে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।
এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে সষ্টম মহানগৰ আৰক্ষী - সষ্টম মহানগৰ আৰক্ষী
৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা। তালিকা প্ৰকাশৰ পূৰ্বে মহানগৰীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ সংবেদনশীল অঞ্চল সমূহৰ লগতে বিভিন্ন সামাজিক মাধ্যমৰ ওপৰতো তীক্ষ্ন দৃষ্টি ৰাখিব আৰক্ষীয়ে৷
আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব আৰক্ষীৰ ভূমিকা। ইতিমধ্যে আৰক্ষীৰ উচ্চ পৰ্যায়ৰ আলোচনা অব্যাহত আছে বুলিও জানিবলৈ দিয়ে । সকলোবোৰ সেৱা কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে বিভিন্ন স্তৰত ৰাইজক সজাগ কৰাৰ বাবে ৰাইজৰ লগতো আলোচনা মিলিত হৈছে আৰক্ষী । উল্লেখ্য যে, অন্যান্য নিৰাপত্তা ব্যৱস্থাৰ লগতে আৰক্ষীয়ে বিশেষভাৱে দৃষ্টি ৰাখিছে বিভিন্ন সামাজিক মাধ্যমৰ ওপৰত। এন আৰ চি প্ৰকাশৰ পিছত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য দিয়াৰ পৰা বিৰত থাকি শান্তি শৃংখলা বনাই ৰাখিবলৈ ৰাইজক আহ্বান জনাই আৰক্ষীয়ে।