অসম

assam

ETV Bharat / city

হিমা দাস আৰু এটা বাঘ পোৱালী

হিমা দাসৰ প্ৰতি সন্মান জনাই চিৰিয়াখানা কৰ্তৃপক্ষই এটা ছমহীয়া বাঘৰ পোৱালিৰ নাম ৰাখিছে " হিমা "

হিমা দাস আৰু এটা বাঘৰ পোৱালি

By

Published : Jul 29, 2019, 3:10 PM IST

Updated : Jul 29, 2019, 4:16 PM IST

গুৱাহাটী, ২৯ জুলাইঃ হিমা দাস । নামটো কোৱাৰ লগে লগে তেওঁ কোন আৰু কিয় বিখ্যাত বুলি নিশ্চয় আপোনাক মনত পেলাই দিব নালাগে । হয়, আপুনি ঠিকেই ধৰিছে । " ধিং এক্সপ্ৰেছ " হিমা দাসৰ কথাকেই কৈছো । যাক লৈ অসমবাসী সদায় গৌৰৱান্বিত । দেশৰ গৌৰৱ,ভাৰতৰ উজ্জ্বল ৰত্ন...।
এতিয়া আহো আচল কথালৈ । দৌৰবিদ হিমা দাস নহয় । এটি ছমহীয়া বাঘৰ পোৱালিৰ কথালৈ । আজি বিশ্ব ব্যাঘ্ৰ দিৱস । ইয়াৰ সৈতে সংগতি ৰাখি বেংগালুৰুৰ বান্নেৰঘাট্টি চিৰিয়াখানা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। নতুন প্ৰজন্মক বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগ কৰা আৰু চিৰিয়াখানাখনৰ প্ৰতি দৰ্শনাৰ্থীৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজি চিৰিয়াখানা কৰ্তৃপক্ষই তাৰ সৈতে সংলগ্ন হৈ থকা উদ্ভিদ উদ্যানখনত আঠটাকৈ বাঘ মুকলি কৰি দিয়ে । তাৰে এটা হৈছে ছয়মহীয়া পোৱালী ৷ স্বৰ্ণকন্যা হিমা দাসৰ প্ৰতি সন্মান জনাই তথা ছিৰিয়াখানাৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ বৃদ্ধিৰ বাবে ছয়মহীয়া বাঘ পোৱালীটোৰ নাম হিমা দাস ৰখা হৈছে ৷

Last Updated : Jul 29, 2019, 4:16 PM IST

ABOUT THE AUTHOR

...view details