অসম

assam

ETV Bharat / city

বৰবাৰীত কোৱাৰেণ্টাইন শিবিৰ স্থাপনক লৈ ৰাইজৰ মাজত হাহাকাৰ - বৰবাৰীত কোৱাৰেণ্টাইন শিবিৰ স্থাপনক লৈ ৰাইজৰ মাজত হাহাকাৰ

গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ বৰটিলাৰ বাসিন্দা বংকিম দাসে তেওঁৰ ঘৰটোত কোৱাৰেন্টাইন শিবিৰ স্থাপন কৰাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ETV BHARAT
বৰবাৰীত কোৱাৰেণ্টাইন শিবিৰ স্থাপনক লৈ ৰাইজৰ মাজত হাহাকাৰ

By

Published : May 18, 2020, 10:13 AM IST

গুৱাহাটী ,18 মেঃগুৱাহাটীৰ বৰবাৰীৰ বৰটিলাত কোৱাৰেন্টাইন শিবিৰ স্থাপন কৰাকলৈ ৰাইজৰ মাজত হাহাকাৰ । উত্তেজিত ৰাইজে কোৱাৰেন্টাইন শিবিৰতো উঠাই নিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

বৰবাৰীত কোৱাৰেণ্টাইন শিবিৰ স্থাপনক লৈ ৰাইজৰ মাজত হাহাকাৰ

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ বৰটিলাৰ বাসিন্দা বংকিম দাসে তেওঁৰ ঘৰটোত কোৱাৰেন্টাইন শিবিৰ স্থাপন কৰি বহিঃ ৰাজ্যৰ পৰা অহা ১৫ জন লোকক আশ্ৰয় দিয়ে । উক্ত কোৱাৰেন্টাইন শিবিৰটোৰ ৰান্ধনীজনে বজাৰ সমাৰ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন দোকানলৈ যায় । এই বিষয়ে জানিব পাৰি স্থানীয় ৰাইজ আতংকিত হৈ পৰে ।

ঘৰটোত চাৰিওফালে কোনো কোৱাৰেন্টাইন শিবিৰৰ ফলক নোহোৱাৰ লগতে চাৰিসীমাও নাই উক্ত শিবিৰটোত ৷ গতিকে শিবিৰটোত থকা লোকৰ পৰা ক'ৰণা ভাইৰাছ বিয়পিব পাৰে বুলি স্থানীয় ৰাইজ শংকিত হৈ পৰে । উক্ত ঘটনাৰ পিছতে স্থানীয় ৰাইজ ওলাই আহি কোৱাৰেন্টাইন শিবিৰতো স্থানান্তৰ কৰিবলৈ প্ৰশাসনে দাবী জনায় । আনহাতে, আৰক্ষীৰ লোক ঘটনাস্থলীত উপষ্টিত হৈ উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে শিবিৰত থকা লোকসকলক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পিছতে স্বত্বাধিকাৰীজনে আশ্ৰয় দিয়া লোকসকলক স্থানান্তৰ কৰা হয় । উল্লেখ্য যে, মহামাৰী আতংকই বিৰাজ কৰাৰ সময়তেই জনবসতি অঞ্চলত মুকলিকৈ কোৱাৰেন্টাইন শিবিৰ স্থাপনৰ অনুমতি কিদৰে পালে তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক- চিৰাঙৰ আই নদীপৰীয়া ৰাইজৰ দুৰ্দশা

ABOUT THE AUTHOR

...view details