গুৱাহাটী, 23 জুন: গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ সোঁত বৈছে শিৱসেনাৰ বিসম্বাদী বিধায়কৰ (MAHA rebel MLAs in Guwahati)। বৃহস্পতিবাৰে নিশা 9.45 বজাত আকৌ তিনিজন বিসম্বাদী বিধায়ক উপস্থিত হৈছে ৰেডিশ্বন ব্লু । ইয়াৰে দুজন শিৱসেনাৰ আৰু এজন নিৰ্দলীয় (Three more rebel MLAs reached guwahati)। দাদা ভুছে আৰু সঞ্জয় ৰাথোৰ শিৱসেনাৰ আৰু গীতা জৈন নিৰ্দলীয় বিধায়ক । এতিয়া ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 46 জন । ইয়াৰ ভিতৰত শিৱসেনাৰ 37 জন আৰু 9 জন নিৰ্দলীয় (MAHA political updates)।
উল্লেখ্য যে, বুধবাৰৰ পুৱাৰ পৰা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ সোঁত এতিয়ালৈকে গুৱহাটীৰ ৰেডিশ্বন ব্লুলৈ বৈ আছে । শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত বিধায়ককসকলে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে । মহাৰাষ্ট্ৰৰ তিনি বিসম্বাদী বিধায়কৰ বাহন ৰেডিশ্বন ব্লুৰ সম্মুখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওঁলোকে কোনো মতামত নিদিলে ।