গুৱাহাটী, ১০ অক্টোবৰঃ পুনৰ অগপলৈ উভতি আহিবলৈ সাজু হৈছে কংগ্ৰেছলৈ ঢাপলি মেলা 3 জনকৈ নেতা ৷ ১৪ অক্টোবৰত অভয়াপুৰীত অনুষ্ঠিত হ'বলগীয়া অগপৰ প্ৰতিষ্ঠা দিৱসতে পুনৰ দলটোত যোগদানৰ সম্ভাৱনা ডঃ জয়নাথ শৰ্মা, দুৰ্গাদাস বড়ো আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ বৃহস্পতিবাৰে অগপৰ মুখপাত্ৰ মনোজ শইকীয়াই প্ৰকাশ কৰে এই কথা ৷
পুনৰ অগপলৈ জয়নাথ শৰ্মা, দুৰ্গাদাস বড়ো আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ! - দুৰ্গাদাস বড়ো
ৰাজ্যৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ বেয়া দিনত দল এৰি থৈ কংগ্ৰেছলৈ ঢাপলি মেলা তিনিজনকৈ নেতা পুণৰ এতিয়া অগপলৈ ঘুৰি আহিবলৈ সাজু হৈছে। ইতিমধ্যে দলটোৰ সভাপতি অতুল বৰাৰ সৈতেও এই তিনি নেতাই অহৰহ যোগাযোগ অব্যাহত ৰাখিছে।
![পুনৰ অগপলৈ জয়নাথ শৰ্মা, দুৰ্গাদাস বড়ো আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্য !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4713132-thumbnail-3x2-k.jpg)
পুনৰ অগপলৈ উভতি আহিবলৈ সাজু হৈছে কংগ্ৰেছলৈ ঢাপলি মেলা 3 জনকৈ নেতা
পুনৰ অগপলৈ উভতি আহিবলৈ সাজু হৈছে কংগ্ৰেছলৈ ঢাপলি মেলা 3 জনকৈ নেতা
ইতিমধ্যে দলটোৰ সভাপতি অতুল বৰাৰ সৈতেও এই 3 নেতাই অহৰহ যোগাযোগ অব্যাহত ৰাখিছে । ডঃ জয়নাথ শৰ্মা আৰু দুৰ্গাদাস বড়ো অগপৰ প্ৰতিষ্ঠাকালৰে নেতা । আনকি অগপৰ শাসনকালত দুয়োগৰাকী মন্ত্ৰীৰ আসনতো অধিষ্ঠিত আছিল । কিন্তু যোৱা সময়চোৱাত অগপৰ দিন বেয়ালৈ অহাত দুয়োৱে যোগদান কৰিছিল কংগ্ৰেছত । একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা অব্যাহতি লৈয়েই অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই যোগ দিছিল অগপত । তেওঁ অগপৰ মুখপাত্ৰৰ দায়িত্বতো আছিল । কিন্তু তেওঁ অগপৰ বিপদকালত দল এৰি শৰণাপন্ন হৈছিল কংগ্ৰেছৰ ।