নিউজ ডেস্ক, ৯ মে':তৃণমূল কংগ্ৰেছত যোগ দিবলৈ সাজু হৈছে অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ আৰু একাংশ সদস্য । ১১ মে'ত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হব অসম তৃণমূল কংগ্ৰেছৰ এক বিশাল যোগদান কাৰ্যসূচী (Joining program of TMC in Assam) । সোমবাৰে ই টিভি ভাৰতক এই কথা জানিবলৈ দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।
বৰাই লগতে কয় যে, ১১ মে'ৰ এই যোগদানৰ কাৰ্যসূচীত উপস্থিত থাকিব তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী (TMC GS Abhishek Banerjee to visit Guwahati), দলৰ সাংসদ শান্তনু সেন (TMC MP Shantanu Sen) আৰু সুস্মিতা দেৱ (TMC MP Sushmita Dev) ।