গুৱাহাটী, 11 জানুৱাৰী:গুৱাহাটী নগৰীৰ মাজমজীয়াত দেওবাৰে ফুট গধূলিতে সংঘটিত এক চুৰি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দেওবাৰে নাৰেংগীৰ হাউচিং কলনীৰ নিৱাসী তথা গুৱাহাটী কমাৰ্চ কলেজৰ উপাধ্যক্ষ ড৹ পূৰ্ণ ভট্টাচাৰ্যৰ ঘৰত এই চুৰি কাণ্ড সংঘটিত কৰি চোৰে গডৰেজ আৰু ড্ৰয়াৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে নগদ ধনকে ধৰি বহু মূল্যৱান সামগ্ৰী লৈ উধাও হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে ড৹ ভট্টাচাৰ্যৰ ঘৰৰ পাছফালৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু ঘৰৰ গৰাকী উপস্থিত হোৱাৰ লগে লগে চোৰে পলায়ন কৰে ৷ ঘটনাস্থলীত আৰক্ষী আৰু চিআইডি ৰ দল উপস্থিত হৈ স্নিফাৰ ডগেৰে অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈকে চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷