নিউজ ডেস্ক, 16 জুন : বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ জলমগ্ন হৈছে কেইবাখনো জিলা ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(Assam Disaster Management Authority)ৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰা প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ প্ৰায় 18 খন জিলাৰ 37 টা ৰাজহ চক্ৰৰ 317 খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে ৷ বিপদসীমাৰ ওপৰেদি বৈছে মানাহ নদীৰ জলস্তৰ ।
প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈ বানত প্ৰায় ৭৪,১১৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে । বজালী জিলাত বুধবাৰে বানত এজন লোকৰ মৃত্যু হয় ৷ জানিব পৰা মতে, কামৰূপ মেট্ৰ', ডিমা হাচাও, গোৱালপাৰা আৰু আন কিছুমান ঠাইত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হয় । গোৱালপাৰা জিলাৰ আজাদ নগৰত বৃহস্পতিবাৰে ভূমিস্খলনত দুজন লোকে প্ৰাণ হেৰুৱায় ৷ একেদৰে গুৱাহাটী মহানগৰত ভূমিস্খলনত দুজন লোক আহত হয় ।
কপিলী নদীৰ বান্ধৰ পানীয়ে শংকিত কৰি তুলিছে লখিমপুৰবাসীক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি অহা ১৭ জুনলৈকে অসম, মেঘালয় আৰু অৰুণাচলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । ধাৰাসাৰ বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে কামৰূপ মেট্ৰ' জিলা প্ৰশাসনে বৃহস্পতিবাৰে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে । অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব ৷ ইয়াৰ সমান্তৰালভাৱে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷
নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বৰাখাটত বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়ে বিহামপুৰ-মধুপুৰৰ মূলপথ । যাৰ ফলত অঞ্চলটোত যাতায়ত ব্যাহত হৈ পৰাৰ লগতে সংযোগ বিচ্ছিন্ন হৈ পৰে । বাঢ়নী পানীৰ তাণ্ডৱত দুয়োটা অঞ্চলৰ ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আনহাতে, বৃহস্পতিবাৰে পুৱা কপিলী নদীৰ বান্ধ খুলি দিয়া ফলত কপিলীৰ বান্ধৰ পানীয়ে অশনি সংকেত কঢ়িয়াই আনিছে হোজাই আৰু নগাঁও জিলালৈ ৷
লগতে পঢ়ক :বৰুণ দেৱতাৰ কোপদৃষ্টিত অসহায় ৰাজ্য়ৰ জনতা