অসম

assam

By

Published : Feb 20, 2021, 4:35 PM IST

Updated : Feb 20, 2021, 5:15 PM IST

ETV Bharat / city

মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ...

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত 20 ফেব্ৰুৱাৰী, 2021 ৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত ৷ ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে চাহ শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 217 টকালৈ বৃদ্ধি ৷

কেবিনেট বৈঠক
কেবিনেট বৈঠক

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত 20 ফেব্ৰুৱাৰী, 2021 ৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত ৷ ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে চাহ শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 217 টকালৈ বৃদ্ধি ৷

1.

A. বড়োলেণ্ড প্ৰশাসনিক ষ্টাফ কলেজ স্থাপন

B. এক নতুন বিভাগৰ স্থাপন: বড়োলেণ্ড উন্নয়ন বিভাগ, পাৰ্বত্য অঞ্চল বিভাগ বাহাল থাকিব

2. 580 গৰাকী উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ

3. নগাঁও হাতিচুঙত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে 239 বিঘা মাটি আবন্টন

4. গুৱাহাটী, উলুবাৰী মৌজাত দীপক সংঘৰ বাবে 1 কঠা মাটি আবন্টন

5. উত্তৰ গুৱাহাটী, উজান বজাৰ, ভৰলুমুখত গুৱাহাটী মাষ্টাৰ প্লেন 2025 ৰ সংশোধন

6. World Renewal Spiritual Trust, কামৰূপৰ বাবে 10 বিঘা মাটি আবন্টন

7. আগন্তুক নিৰ্বাচন আৰু পৰৱৰ্তী পৰ্যায়ৰ ব্যৱহাৰৰ বাবে 8000 হুইল চেয়াৰ ক্ৰয়

8. ASDMA কৰ্মচাৰীৰ নিয়মীয়াকৰণত অনুমোদন

9. ক্ষুদ্ৰ চাহ শ্ৰমিকক সমান মজুৰি প্ৰদানৰ বাবে মুখ্য সচিব জে. বি. এক্কাৰ অধীনত এজনীয়া কমিতি গঠন কৰা হ'ব ৷ চাহ শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 217 টকালৈ বৃদ্ধি ৷

10. অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ, সদস্য সচিব আৰু সদস্য সকলৰ বাবে বিধি প্ৰস্তুত কৰা

11. নিৰ্বাচন অনুষ্ঠিত কৰা-অধ্যাদেশৰ প্ৰচাৰৰ বাবে প্ৰস্তাৱ আদিৰ বাবে 18 মাহত অসম পৌৰসভা নিগম আইনৰ সংশোধন

12. টাইম স্কেলত 57 বিদ্যালয়ৰ 101 বৃত্তিগত শিক্ষকৰ বিধি প্ৰস্তুত কৰা

13. P&RD বিভাগত 10 বছৰ ধৰি কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰিৰ সময়সীমা 60 বছৰলৈ বৃদ্ধি ৷ মন্ত্ৰীসকলক প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হ'ব ৷

Last Updated : Feb 20, 2021, 5:15 PM IST

ABOUT THE AUTHOR

...view details