গুৱাহাটী,২৯জুন : শনিবাৰে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ প্ৰায় ৪১,০০০ হাজাৰ টেট শিক্ষকে খানাপাৰাৰ পৰা দিছপুৰলৈ যাত্ৰা কৰি 'দিছপুৰ চলো' কাৰ্যসূচী ৰূপায়ণ কৰে । ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ ৰাজপথ । প্ৰতিবাদী শিক্ষকসকলে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ।
টেট শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতিবাদেৰে উত্তপ্ত ৰাজপথ
সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীয়ে খানাপাৰাৰ পৰা দিছপুৰলৈ যাত্ৰা কৰি 'দিছপুৰ চলো' কাৰ্যসূচী ৰূপায়ণ কৰে । ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ ৰাজপথ ।
উল্লেখ্য যে, RTE (শিক্ষাৰ অধিকাৰ আইন) আৰু NCTE ৰ সকলো যোগ্যতা অৰ্জনেৰে ৭ বছৰ চাকৰি কৰাৰ পিছত শিক্ষকসকলৰ জীৱনলৈ নামি আহিছে অমানিশা । এবাৰ 'TET'ৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰাৰ পাছত শিক্ষকসকলক পুনৰ টেটত বহিব লাগিব বুলি মন্তব্য কৰিছিল শিক্ষামন্ত্ৰীয়ে । শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ক্ষোভিত হৈ পৰিছিল ৰাজ্যৰ টেট শিক্ষক-শিক্ষয়িত্ৰীসকল । এই ৭বছৰে চাকৰি কৰাৰ পাছত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাত, টেট শিক্ষক-শিক্ষয়িত্ৰীসকলে পুনৰ টেটত বহিবলগীয়া হোৱাত সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলৰ দাবী, ‘ঠিকাভিত্তিক শিক্ষকসকলৰ যোগ্যতাৰ প্ৰমাণ পত্ৰৰ ম্যাদ ৭ বছৰ আছিল, আমি চাকৰি পালোঁ, কিন্তু নিৰ্ধাৰিত সময়ত আমাক নিয়মীয়াকৰণ নকৰাটো চৰকাৰৰ দোষ ।’