গুৱাহাটী,৪ জুন: টেট উত্তীৰ্ণ শিক্ষাৰ্থীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবীত সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষিত সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শনিবাৰে মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত এক গণ সমাৱেশৰ আয়োজন কৰা হয় (TET qualified candidates demand early appointment ) । সমাৱেশত ভাগ লোৱা ৰাজ্যৰ 33 খন জিলাৰ টেট উত্তীৰ্ণ শিক্ষাৰ্থী সকলে তেওঁলোকৰ সমস্যাৰ ওপৰত আলোকপাত কৰে ।
২০২১ চনত টেট উত্তীৰ্ণ শিক্ষাৰ্থী সকলক DEE আৰু SSA ত নিযুক্তি দিবলৈ সমাৱেশৰ জৰিয়তে চৰকাৰক আহ্বান জনায় । শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত হোৱা প্ৰায় ৩০ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিবলৈ দাবী জনাই সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষিত সমাজ কেন্দ্ৰীয় সমিতিয়ে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এক লাখ চাকৰিৰ ভিতৰত এই সকল টেট শিক্ষাৰ্থী সকলক নিযুক্তি দিলে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব বুলি টেট উত্তীৰ্ণ শিক্ষিত সমাজে ব্যক্ত কৰে ।