অসম

assam

ETV Bharat / city

টেট শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল ছেবাৰ চৌহদ - ছেবাৰ কাৰ্যালয়ত প্ৰতিবাদ

নিম্ন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ কেইবাশতাধিক টেট শিক্ষাৰ্থীয়ে সোমবাৰে উত্তাল কৰি তোলে বামুনীমৈদামস্থিত ছেবাৰ কাৰ্যালয় ৷ শেহতীয়াকৈ অনুষ্ঠিত টেট পৰীক্ষা বিসংগতিপূৰ্ণ হোৱাৰ অভিযোগ টেট শিক্ষাৰ্থীৰ ৷

Tet candidates protests in front of SEBA offoce
টেট শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল ছেবাৰ চৌহদ

By

Published : Dec 27, 2021, 8:37 PM IST

গুৱাহাটী, 27 ডিচেম্বৰ : বামুনীমৈদামস্থিত ছেবাৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে নিম্ন প্ৰাথমিক আৰু মধ্য বিদ্যালয়ৰ টেট পৰীক্ষা 2021(TET Exam 2021 )ত অৱৰ্তীণ হোৱা কেইবাশতাধিক টেট শিক্ষাৰ্থীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে (TET candidates protest in Guwahati) ৷ টেট পৰীক্ষাৰ প্ৰশ্নকাকত বিসংগতিপূৰ্ণ হোৱাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীত উত্তাল কৰি তোলে ছেবাৰ চৌহদ ৷

টেট শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল ছেবাৰ চৌহদ

টেট শিক্ষাৰ্থীসকলে টেট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰক, আমাক ন্যায় লাগিব আদি বিভিন্ন বিৰোধী শ্ল’গানেৰে ছেবাৰ চৌহদ উত্তপ্ত কৰি তোলে ৷ টেট শিক্ষাৰ্থীসকলে অলপতে অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাৰ প্ৰশ্ন কাকতত ব্যাপক বিসংগতি থকা বুলি অভিযোগ কৰে আৰু তেওঁলোকে বিসংগতি থকা প্ৰশ্ন কাকতেৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ বিসংগতিৰে অনুষ্ঠিত হোৱা পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ পৰীক্ষাৰ্থীসকলে ছেৱাৰ অধ্যক্ষৰ ওচৰত দাবী জনায় ৷

টেট শিক্ষাৰ্থীৰ প্ৰতিবাদ

কিন্তু ছেবাৰ কৰ্তৃপক্ষই উত্তাল শিক্ষাৰ্থীসকলৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নজনোৱাৰ বাবে সোমবাৰে টেট পৰীক্ষাৰ্থীসকলে ছেবাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্থলীত ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি আহি প্ৰতিবাদকাৰীসকলক প্ৰশ্ন কাকত পুনৰ নিৰীক্ষণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী উঠাই লয় ।

লগতে পঢ়ক :টেট পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল

ABOUT THE AUTHOR

...view details