গুৱাহাটী, ২৪ জানুৱাৰী : ৰাজ্যসভাত খালী হ’বলগীয়া দুখন আসনৰ অন্ততঃ এখন আসন সংখ্যাৰ ফালৰ পৰা কংগ্ৰেছ বা বিৰোধীৰ হাতত থকাটো নিশ্চিত আছিল যদিও দেওবাৰে বি পি এফৰ তিনিগৰাকীকৈ বিধায়কে চৰকাৰৰ পক্ষত অৱস্থান কৰাত (BPF join hands with BJP) সমীকৰণ এতিয়া জটিল হৈ পৰিছে । আজিৰ তাৰিখত অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত এখন আসন (মাজুলী) খালী হৈ আছে ।
সেই হিচাপত ৰাজ্যসভাৰ নিৰ্বাচনত ১২৫ গৰাকী বিধায়কে ভোটদান কৰিব লাগিব । সংসদীয় অংক অনুসৰি ৰাজ্যসভাত এখন আসনত জয়ী হবলৈ হ'লে ন্যূনতম ৪২ টা ভোট লাভ কৰিব লাগিব । এতিয়া মন কৰক বিধানসভাত বৰ্তমান শাসকীয় মিত্ৰজোট আৰু বিৰোধী পক্ষৰ ভোটৰ হিচাপলৈ । সম্প্ৰতি শাসক পক্ষৰ হাতত আছে ৮২ জন বিধায়ক ।
প্ৰথমে এই সংখ্যা ৭৯ আছিল যদিও বি পি এফৰ তিনি বিধায়কে কালি চৰকাৰী পক্ষত যোগ দিয়াত সংখ্যা ৮২ লৈ বৃদ্ধি পালে । বিজেপিৰ ৬৩, অগপৰ ৯, ইউ পি পি এলৰ ৭ আৰু শেহতীয়াকৈ বি পি এফৰ ৩ বিধায়ক মিলি শাসক পক্ষৰ শক্তি ৮২ হৈছে । এতিয়া চাওক বিৰোধীৰ শক্তিলৈ । আজিৰ তাৰিখত কংগ্ৰেছৰ বিধায়ক আছে ২৬ গৰাকী, এ আই ইউ ডি এফৰ ১৫ গৰাকী, চি পি এমৰ এগৰাকী আৰু নিৰ্দলীয় এগৰাকী ।