অসম

assam

By

Published : Sep 13, 2022, 8:04 AM IST

Updated : Sep 13, 2022, 8:16 AM IST

ETV Bharat / city

দুটাকৈ মন্দিৰ সাজি দিলে ছাদত উল্লাহ ছাকফে

2010 চনত ছাদত উল্লাহ ছাকফে বীৰভদ্ৰস্বামী মন্দিৰটো সাজি উলিয়াইছিল এটা কাৰণতে- যাতে সেই অঞ্চলৰ হিন্দু আৰু মুছলমান লোকৰ মাজত কেতিয়াও কোনেও বিভেদৰ বিষবাস্প বিয়পাব নোৱাৰে ৷ সেই মন্দিৰটো সেই সময়ত উদ্বোধন কৰিছিল প্ৰয়াত সিদ্দগংগাশ্ৰী ড৹ শিৱকুমাৰ স্বামীজীয়ে ৷

TEMPLE WAS BUILT BY A MUSLIM MAN IN RAMANAGARA
TEMPLE WAS BUILT BY A MUSLIM MAN IN RAMANAGARA

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ: এইবাবেই হয়তো ভাৰতক কোৱা হয় বৈচিত্ৰময় ভাৰত ! ঘটনাটো কৰ্ণাটকৰ ৷ নিজৰ গাঁওখনত যাতে ঐক্য আৰু ভাতৃত্ববোধৰ সুতাডাল সদায়েই মজবুত হৈ থাকে তাৰ প্ৰচেষ্টাত অহৰহ ব্ৰতী হৈ থকা এজন ইছলাম ধৰ্মালম্বী লোকে নিজৰ খৰচেৰে গাঁওখনত সাজি দিলে দুটাকৈ মন্দিৰ ৷

দুটাকৈ মন্দিৰ সাজি দিলে ছাদত উল্লাহ ছাকফে

ৰামনগৰৰ চান্নাপাট্টানা তালুকৰ (Channapattana taluk) চৈয়দ ছাদত উল্লাহ ছাকফ (Syed Sadat Ullah Sakaf) নামৰ লোকজনে নিজৰ গাঁওখনত সাজি থকা বাসৱেশ্বৰা মন্দিৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পথত ৷ এই একেজন লোকে ইয়াৰ পূৰ্বেও চান্টে মোগেনাহাল্লি (Sante Mogenahalli village) নামৰ আন এখন নিকটবৰ্তী গাঁৱত নিজৰ খৰচেৰে সাজি উলিয়াইছিল হিন্দু গাঁওবাসীৰ বাবে বীৰভদ্ৰস্বামী মন্দিৰ এটা ৷ সেই একেটা চৌহদতে এই লোকজনে সাজি দিছিল মুছলমান লোকসকলৰ বাবে এটা মছজিদো ৷

দুটাকৈ মন্দিৰ সাজি দিলে ছাদত উল্লাহ ছাকফে

2010 চনত ছাদত উল্লাহ ছাকফে বীৰভদ্ৰস্বামী মন্দিৰটো (Veerabhadraswamy temple) সাজি উলিয়াইছিল এটা কাৰণতে- যাতে সেই অঞ্চলৰ হিন্দু আৰু মুছলমান লোকৰ মাজত কেতিয়াও কোনেও বিভেদৰ বিষবাস্প বিয়পাব নোৱাৰে ৷ সেই মন্দিৰটো সেই সময়ত উদ্বোধন কৰিছিল প্ৰয়াত সিদ্দগংগাশ্ৰী ড৹ শিৱকুমাৰ স্বামীজীয়ে (Siddaganga Sri Dr. Sri Shivakumara Swamiji) ৷

দুটাকৈ মন্দিৰ সাজি দিলে ছাদত উল্লাহ ছাকফে

ইয়াৰ পিছতে তেওঁ আৰম্ভ কৰে বাসৱেশ্বৰা মন্দিৰৰ (Basaveshwara temple) নিৰ্মাণকাৰ্য ৷ দুই এদিনতে নৱনিৰ্মিত এই বিশাল বাসৱেশ্বৰা মন্দিৰ মহা ধুমধামেৰে ভক্তসকলৰ বাবে উদ্বোধন কৰা হ'ব ৷ ইয়াৰোপৰি নিজৰ ঘৰত গণেশ মূৰ্তি (Ganesha idol) স্থাপন কৰা গাঁওখনৰ প্ৰতিজন হিন্দু লোকলৈ ছাদত উল্লাহ ছাকফে আগবঢ়াই আহিছে আৰ্থিক সাহাৰ্যও ৷

লগতে পঢ়ক:ছেকেন্দ্ৰাবাদত অগ্নিকাণ্ডত মৃত্যু 8 জনৰ

Last Updated : Sep 13, 2022, 8:16 AM IST

ABOUT THE AUTHOR

...view details