গুৱাহাটী, 5 ছেপ্তেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মাজতে অসমৰ আত্মা লুকাই আছে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিক অসমত স্থাপন কৰিব পাৰিলে অসমৰ শিক্ষা ব্যৱস্থাই নতুন দিশ পাব ৷ অসমত শনিবাৰৰ পৰা প্ৰৱৰ্তন হ'ব নতুন শিক্ষানীতি । বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহ স্বতন্ত্ৰ হ’ব লাগে । চৰকাৰী তন্ত্ৰৰ পৰা আঁতৰত ৰখা হৈছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক ৷ এই মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
শনিবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে আয়োজন কৰা শিক্ষক দিৱসত উপস্থিত থাকি এই মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰা শিক্ষক দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক শিক্ষা মন্ত্ৰী ভবেশ কলিতা, সাংসদ চন্দন ব্ৰহ্মৰ লগতে বিভাগৰ ভালে কেইজন উচ্চপদস্থ বিষয়াৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় শতাধিক শিক্ষক ৷
সদ্য স্বাক্ষৰিত বড়ো চুক্তি অনুসৰি অসমৰ শিক্ষা বিভাগত নৱতম সংযোজন বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় ভাষা সঞ্চালকালয়ৰ শুভাৰম্ভণি কৰা অনুষ্ঠানটোত উন্মোচন কৰা হয়‘‘শিক্ষাজ্যোতি’’ আৰু ‘‘কামৰূপায়ণ’’ নামৰ দুখন স্মৰণিকা ৷
শিক্ষা বৃত্তিত দেখুওৱা কৰ্তব্য নিষ্ঠা আৰু আন্তৰিকতাৰ বাবে শনিবাৰৰ ৰাজ্য চৰকাৰৰ শিক্ষক দিৱস অনুষ্ঠানটোত গীৰিন্দ্ৰ কুমাৰ গগৈ, গীতা দেৱী গগৈ, কামদেৱ দাস, জেউতি দত্ত, উৎপল শৰ্মা আৰু ৰূপৰেখা দেৱীৰ লগতে মুঠ 36 গৰাকী শিক্ষকক ৰাজ্যিক পৰ্যায়ৰ সন্মান প্ৰদান কৰা হয় ৷ আনহাতে ফলাফলৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা 10 খন বিদ্যালয়ক জনোৱা হয় সম্বৰ্ধনা ৷ শনিবাৰৰ অনুষ্ঠানটোত মাধ্যমিক অনুপ্ৰেৰণাদায়ক বঁটা প্ৰদান কৰা হয় পবিত্ৰ প্ৰাণ ভট্টাচাৰ্যক ৷