অসম

assam

20 শতাংশ পূজা বোনাচ লাগিবই : চাহ মজদুৰ সংঘৰ হুংকাৰ

By

Published : Aug 22, 2019, 6:37 PM IST

চাহ শ্ৰমিকৰ 20 শতাংশ পূজাৰ বোনাচ বাতিলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম চাহ মজদুৰ সংঘই ৷

20 শতাংশ পূজা বোনাচ লাগিবই : চাহ মজদুৰ সংঘৰ হুংকাৰ

গুৱাহাটী, 22 আগষ্ট: সংকটত চাহ উদ্যোগ ৷ পূজাৰ বোনাচৰ পৰা বঞ্চিত হ'ব পাৰে চাহ শ্ৰমিক ৷ বিশেষকৈ আন্তৰ্জাতিক বজাৰত অসমৰ চাহৰ মূল্য দ্ৰুত গতিত অৱনমিত হোৱাৰ বাবে এইবাৰৰ পূজাত চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ দিব নোৱাৰিব বুলি চাহ কোম্পানী সমূহে ঘোষণা কৰিছে ৷ এই ঘোষণাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম চাহ মজদুৰ সংঘই ৷ সংঘৰ হৈ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এনে সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহব বুলি দৃঢ়তাৰে ঘোষণা কৰে ৷ লগতে চাহ মালিকগোষ্ঠী তথা কোম্পানীয়ে যি কোনো মূল্যৰ বিনিময়ত চাহ শ্ৰমিকক 20 শতাংশ বোনাচ আদায় দিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে ৷

20 শতাংশ পূজা বোনাচ লাগিবই : চাহ মজদুৰ সংঘৰ হুংকাৰ

উল্লেখ্য যে অসমত থকা বৃহৎ চাহ কোম্পানী তথা মালিক কতৃপক্ষই এইবাৰ পূজাত ২০ ৰ পৰিৱৰ্তে এইবাৰ ৮.৩৩ শতাংশ হাৰতহে বোনাচ আদায় দিব বুলি কৰা ঘোষণাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ যাৰ পাচতে জাঙুৰ খাই উঠিছিল অসম চাহ মজদুৰ সংঘকে ধৰি অন্যান চাহ শ্ৰমিক সংগঠন সমূহ ৷

ABOUT THE AUTHOR

...view details