গুৱাহাটী, 22 জুলাই:কৰ'ণাৰ নামত ভয়ানক ছিণ্ডিকেট চলি থকা বুলি শেহতীয়াকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল APW য়ে । তাৰ পিছতেই মঙলবাৰে বিৰোধী কংগ্ৰেছৰ লগতে APW ক কঠোৰ ভাষাৰে সমালোচনা কৰে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কৰ'ণা শেষ হ'লেই প্ৰতিদিনেই 100 টাকৈ গ’ল দিব বুলিও কৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । স্বাস্থ্য মন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, স্বাস্থ্যমন্ত্ৰীৰ এনে কথা বতৰা শুনি গম পাই যে তেওঁ হতাশা হৈ পৰিছে । কৰ'ণা সংক্ৰমণ ৰোধ কৰাত একেবাৰে ব্যৰ্থ হৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।