গৌতম ৰয় দূৰ্নীতিগ্ৰস্ত নেতা, দূৰ্নীতিৰ পৰা হাত সাৰিবলৈয়ে বিজেপিত যোগদান কৰিছে গৌতম ৰয়ে !
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিছপুৰস্থিত নিজ চৰকাৰী বাসভৱনত এখনি সংবাদমেল সম্বোধন কৰি কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় । উক্ত সাংবাদমেলত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ মন্তব্য আগবঢ়ায় ৷
গুৱাহাটী, 17 আগষ্টঃ শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিছপুৰস্থিত নিজ চৰকাৰী বাসভৱনত এখনি সংবাদমেলৰ আয়োজন কৰি কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় । উক্ত সাংবাদমেলত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে বিগত 2014 চনত 2 কোটি যুৱকক কৰ্মসংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰিছিল । কিন্তু সেই আশ্বাস আজি ধোঁৱা চাঙত পৰিণত হ'ল । লগতে কথাৰ ফুলজাৰী মাৰি মানুহৰ মন ভুলোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী বুলিও মন্তব্য কৰে । অৰ্থনৈতিক দিশৰ ফালৰ পৰাও দেশ আজি যথেষ্ট দুৰ্বল হৈ পৰিছে বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছৰ দিনত অৰ্থব্যৱস্থাৰ দিশটো এতিয়াৰ দৰে দুৰ্বল নাছিল বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । গগৈয়ে ধৰ্মীয় উত্তেজনাৰ প্ৰসংগত কয় যে মোডী চৰকাৰখনে ধৰ্মৰ ক্ষেত্ৰত ৰাজনীতি কৰি আহিছে । আজি দেশত ধৰ্মৰ নামত হত্যা, হিংসা, গণ প্ৰহাৰ আদি হৈ আহিছে । কিন্তু এইক্ষেত্ৰত মোডীয়ে নিচ্ছুপ হৈ বহি আছে । ভাৰতৰ বিভিন্ন ৰাজ্যত বানৰ সমস্যাই জুৰুলা কৰিছে। বানপীড়িত ৰাইজৰ ওচৰত খবৰ লবলৈ মোডীৰ আহৰি নাই বুলি মন্তব্য কৰে গগৈয়ে ।লগতে তেওঁ কাশ্মীৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই কয় যে যদিহে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিল কৰা সিদ্ধান্ত পূৰ্বৰ পৰাই আছিল তেনেহলে তাৰ মানুহখিনিৰ পৰা এবাৰ হ'লেও সুধি লব লাগিছিল । এয়া গণতন্ত্ৰ নে একতন্ত্ৰ? 14 আগষ্টৰ দিনা নাগালেণ্ডত স্বাধীনতা দিৱস কেনেকৈ উদযাপন কৰিব পাৰিলে? এয়া মোডী চৰকাৰৰ দিনতহে সম্ভৱ । কংগ্ৰেছৰ দিনত কেতিয়াও এনে হোৱা নাছিল বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । সংবাদ মাধ্যমৰ বিষয়েও মন্তব্য আগবঢ়ায় কয় যে মোডী চৰকাৰৰ দিনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে আজিকালি বাতৰিকাকত, বৈদ্যুতিক গণ মাধ্যমত লিখিবলৈ ভয় কৰে । কাৰণ যেতিয়াই তেতিয়াই বিজেপি দলটোৱে বিৰোধ কৰা সকলৰ ওপৰত গোচৰ তৰে । গৌতম ৰয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভত তেখেতে কয় যে গৌতম ৰয় এজন দুৰ্নীতিৰে লিপ্ত ব্যক্তি । দুৰ্নীতিৰ পৰা হাত সাৰিবলৈ ৰয়ে বিজেপিত যোগদান কৰিছে বুলি কয় । তেওঁ কয় যে যদিহে এপিএচিৰ সঠিক তদন্ত হৈছে তেনেহলে তেন্তে ৰাকেশ পালৰ ভাতৃক আজিলৈ কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন কৰে । এন আৰ চি সন্দৰ্ভতো গগৈয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চূড়ান্ত এন আৰ চি হোৱাটো নিবিচাৰে যাৰবাবে আজিলৈ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰি আছে আৰু ন্যায়ালয়ে সময় নাকচ কৰি আছে । বিজেপি চৰকাৰখনে এন আৰ চিৰ মাধ্যমেৰে এটা সম্প্ৰদায়ক মূল লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।