অসম

assam

ETV Bharat / city

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আক্ৰমণৰ লক্ষ্য কৰাটো গ্ৰহণযোগ্য নহয়ঃ হিমন্ত বিশ্ব শৰ্মা - মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ত সুধাকণ্ঠক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ত সুধাকণ্ঠক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানতে সাংবাদিকৰে হোৱা মুখামুখিত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মন্ত্ৰীজনে ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আক্ৰমণৰ লক্ষ্য কৰাটো গ্ৰহণযোগ্য নহয়ঃ হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 5, 2019, 7:16 PM IST

গুৱাহাটী, 5 নৱেম্বৰঃআজি সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যুবাৰ্ষিকী ৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়তো স্মৰণ সুধাকণ্ঠক ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এইঅনুষ্ঠানতে সাংবাদিকৰে হোৱা মুখামুখিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে মন্ত্ৰীজনে ৷ তেওঁ ৰাজ্যজুৰি হোৱা CAB বিৰোধী আন্দোলনক সম্পৰ্কে কয় যে, আন্দোলন কৰাসকলে কৰিবই তাত আমি কোনো বাধা দিব নোৱাৰো ৷ এই কথাৰ পৰা এইটো ইংগিত বহন কৰিছে যে তীব্ৰ প্ৰতিবাদকো আওঁকান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত চৰকাৰ নিজৰ অটল ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আক্ৰমণৰ লক্ষ্য কৰাটো গ্ৰহণযোগ্য নহয়ঃ হিমন্ত বিশ্ব শৰ্মা

আনহাতেউচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এন আৰ চিক জাতিটোৰ তথ্য সম্বলিত এটা সম্পদ বুলি কৰা মন্তব্যৰ পিছতে শাসক পক্ষৰ একাংশই তেওঁক তীব্ৰ বাক্যবাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ এই বিষয়ৰ সন্দৰ্ভত মন্ত্ৰী হিমন্তই মুখ্য ন্যায়াধীশগৰাকীক আক্ৰমণৰ লক্ষ্য কৰাটো গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য প্ৰদান কৰে ৷

আৰু পঢ়কঃ সাত ফুট দীঘল কফিনত সুধাকণ্ঠৰ নশ্বৰ দেহৰ প্ৰতিমূৰ্তি

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details