গুৱাহাটী, 6 এপ্ৰিলঃ UPSCৰ ফলাফলত ৬৪৫ স্থান লাভ গুৱাহাটীৰ তাপস বসুমতাৰীৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ UPSCৰ সদ্যঘোষিত অসামৰিক আৰু অন্যান্য ক্ষেত্ৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ৬৪৫ স্থান লাভেৰে ৰাজ্যবাসীলৈ সন্মান কঢ়িয়াই আনিছে বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বুল্লাৰ তাঁতিপাৰাৰ ভৱেন বসুমতাৰী আৰু সুমিত্ৰা বসুমতাৰীৰ সন্তান তাপস বসুমতাৰীয়ে ৷ সৰুৰে পৰা পঢ়া-শুনাত অত্যন্ত মেধাৱী তাপসে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আজাৰাস্থিত চেইণ্ট ক্লাৰেট আৰু কেন্দ্ৰীয় বিদ্যালয়, বৰঝাৰত ৷
লোকসেৱা আয়োগৰ ফলাফলত উজলিল গুৱাহাটীৰ তাপস বসুমতাৰী - লোকসেৱা আয়োগৰ ফলাফল
সদ্যঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফলত ৬৪৫ স্থান লাভেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াইছে গুৱাহাটীৰ তাপস বসুমতাৰীয়ে

তাপস বসুমতাৰীৰ সাফল্য
তাপস বসুমতাৰীৰ সাফল্য
কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মাজেৰে সৰ্বভাৰতীয় এই পৰীক্ষাত অৱতীৰ্ণ হৈ তাপসে প্ৰথমবাৰতেই লাভ কৰে এই সাফল্য ৷ তাপসৰ এই সাফল্যৰ পাচতেই এতিয়া তাপসৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ পুত্ৰৰ সাফল্যক লৈ গৌৰান্বিত তাপসৰ পিতৃ-মাতৃ ৷