অসম

assam

ETV Bharat / city

শনিবাৰে ঘোষণা হ’ব শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ ৩ দোষীৰ শাস্তি

বৃহস্পতিবাৰে ঘোষণা নহ'ল শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ তিনি অভিযুক্তৰ শাস্তিৰ ৰায়দান ৷ অহা 3 আগষ্টৰ পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব শাস্তিৰ ৰায়দান ৷

By

Published : Aug 1, 2019, 1:52 PM IST

Updated : Aug 1, 2019, 5:29 PM IST

শনিবাৰলৈ স্থগিত শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ ৰায়দান

গুৱাহাটী,1আগষ্ট : শনিবাৰে ঘোষণা হ’ব শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ তিনি অভিযুক্তৰ শাস্তিৰ ৰায়দান ৷ বৃহস্পতিবাৰে অভিযুক্তকেইজনৰ শাস্তিৰ ৰায়দানৰ শুনানি আছিল যদিও অহা তিনি আগষ্ট শনিবাৰে পুৱা 10:30 বজালৈ স্থগিত ৰখা হ'ল এই শুনানি ৷

২০১৭ চনৰ ৪ ডিচেম্বৰত হত্যা কৰা হৈছিল মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক। হত্যাৰ তদন্ত চলাই আৰক্ষীয়ে আটক কৰিছিল গোবিন্দ সিংঘালৰ লগতে গোবিন্দ সিংহালৰ মাতৃ আৰু ভগ্নীক ৷ কৌশলেৰে ঘৰলৈ মাতি নি গোবিন্দ সিংঘালৰ পৰিয়ালে হত্যা কৰিছিল গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰীগৰাকীক।

শনিবাৰলৈ স্থগিত শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ ৰায়দান

উল্লেখযোগ্য যে আই পি চি 302, 201, 120(B) ধাৰাত দোষী সাব্যস্ত কৰা হৈছে প্ৰেমিক গোবিন্দৰ লগতে মাতৃ আৰু ভগ্নীৰ ৷ কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিব শাস্তি।

Last Updated : Aug 1, 2019, 5:29 PM IST

ABOUT THE AUTHOR

...view details