অসম

assam

By

Published : Dec 3, 2021, 10:11 PM IST

ETV Bharat / city

SVAMITVA Scheme : এতিয়াৰ পৰা ড্ৰোণৰ জড়িয়তে নিৰূপণ হ’ব ভূমিৰ জোখ-মাখ

শুক্ৰবাৰৰ পৰা চন্দ্ৰপুৰত সৌমিট্ট’ আচঁনিৰ কাম আৰম্ভ হৈছে(Survey of Villages and Mapping with Improvised Technology in Village Areas) ৷ ইতিমধ্যে চন্দ্ৰপুৰ আৰু 2 নং চন্দ্ৰপুৰ গাঁৱৰ ড্ৰোণেৰে ফটো তোলাৰ কাম সম্পূৰ্ণ কৰা হয় ৷

survey-of-villages-and-mapping-with-improvised-technology-in-village-areas
চন্দ্ৰপুৰত আৰম্ভ সৌমিট্ট’ আচঁনিৰ কাম

গুৱাহাটী, 3 ডিচেম্বৰ : শুক্ৰবাৰৰ পৰা চন্দ্ৰপুৰত আৰম্ভ হৈছে সৌমিট্ট’ আচঁনিৰ (Survey of Villages and Mapping with Improvised Technology in Village Areas) চমুকৈ 'SVAMITVA'ৰ কাম ৷ অসমৰ গাঁওসমূহৰ মেপ তথা জনসাধাৰণৰ ভূমিৰ জোখ-মাখ নিৰূপণৰ অৰ্থে(Survey of villages and mapping in village areas) কেন্দ্ৰীয় চৰকাৰে ‘সৌমিট্ট’ আচঁনি আৰম্ভ কৰে ৷ এই আঁচনিৰ অধীনত চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ দুখন গাঁৱৰ ফটো ড্ৰোণেৰে সংগ্ৰহ কৰা হয়(surveying the land parcels in rural inhabited area using Drone technology)।

চন্দ্ৰপুৰত আৰম্ভ সৌমিট্ট’ আচঁনিৰ কাম

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ জৰীপ বিভাগৰ বিষয়া-বৰ্গৰ উপৰিও চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত চন্দ্ৰপুৰ আৰু 2 নং চন্দ্ৰপুৰ গাঁৱৰ ড্ৰোণেৰে ফটো তোলা কাম সম্পূৰ্ণ কৰা হয় ৷ চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়া জিন্তু বৰাৰ মতে আগন্তুক জানুৱাৰী মাহৰ ভিতৰত ‘সৌমিট্ট’ আচঁনিৰ অধীনৰ ৰাজহ চক্ৰটোৰ জোখ-মাখৰ সকলোধৰণৰ কাম-কাজ সমাপ্ত কৰিব কৰা হ'ব । আনহাতে, বিগত অক্টোবৰ মাহৰ পৰা সোণাপুৰৰ ৰাজহ চক্ৰত চলি আছে ‘সৌমিট্ট’ আচঁনিৰ অধীনত ভূমিৰ জোখ-মাখ ।

উল্লেখ্য যে এই আঁচনিখনৰ জৰিয়তে গাঁৱৰ প্ৰত্যেক ব্যক্তিৰে সম্পত্তি নিৰ্ধাৰণ কৰা হ’ব, গাঁওসমূহৰ সীমা নিৰূপণ কৰা হ’ব আৰু প্ৰস্তুত কৰা হ’ব প্ৰত্যেক গাঁৱৰে একোখনকৈ মেপ । এই আঁচনিখনৰ জৰিয়তে ব্যক্তিৰ গ্ৰামাঞ্চলৰ সা-সম্পত্তিৰ উপৰি গাওঁ পঞ্চায়ত আৰু ৰাজহুৱা সা-সম্পত্তি যেনে ৰাস্তা, পুখুৰী, বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, স্বাস্থ্য উপকেন্দ্ৰ আদি সকলো জৰীপৰ ব্যৱস্থা কৰা হ’ব(provide rural people with the right to document their residential properties )।

লগতে পঢ়ক:Scam in PMGSY scheme at Sarupathar : গৃহহীনে নাপায় চৰকাৰী গৃহ

For All Latest Updates

ABOUT THE AUTHOR

...view details