অসম

assam

ETV Bharat / city

বিতৰ্কত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান চানফাৰ্মা - Guwahati

সভানেত্ৰীগৰাকীয়ে অভিযোগ কৰামতে কোম্পানীটোক কেৱল এটা ঘৰৰহে অনুমতি দিছিল পঞ্চায়তে ৷ কিন্তু বৰ্তমান এটা ঘৰৰ অনুমতিতেই চলি আছে এই বৃহৎ ঔষধ নিৰ্মান প্ৰতিষ্ঠানটো । তাৰ উপৰি বুধবাৰে কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত ৩জন কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা ঘটনা গাপ দিবলৈ চেষ্টা কৰি আন এক বিৰ্তকত সোমাই পৰে কোম্পানীটো ।

ঔষধ ব্যৱসায়ৰ নামত বহিৰাগত কোম্পানীৰ ব্যাপক জালিয়াতি

By

Published : Jul 11, 2019, 4:30 PM IST

আজাৰা, 11 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰা দেশৰ আগশাৰীৰ ঔষধ নিৰ্মাতা কোম্পানী চান ফাৰ্মাৰ বিৰুদ্ধে উঠিছে ৰাজ্যত জালিয়াতিৰে ব্যৱসায় চলোৱাৰ অভিযোগ । কামৰূপ জিলাৰ পলাশবাৰীত থকা কোম্পানীটোৰ ব্যৱসায়ৰ বাবে নাই পঞ্চায়তৰ আপত্তিবিহীন প্ৰমাণপত্ৰ তথা এন অ' চি (N.O.C) । দীৰ্ঘদিনৰ পৰা গাঁও পঞ্চায়তক কৰ ফাঁকি দি ব্যৱসায় চলাই আহিছে বহুজাতিক কোম্পানীটোৱে ৷ এই অভিযোগ পলাশবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ।

এন অ চি অবিহনে অসমত ব্যৱসায় চলাইছে 'চান ফাৰ্মাই'

সভানেত্ৰীগৰাকীয়ে অভিযোগ কৰামতে কোম্পানীটোক কেৱল এটা ঘৰৰহে অনুমতি দিছিল পঞ্চায়তে ৷ কিন্তু বৰ্তমান এটা ঘৰৰ অনুমতিতেই চলি আছে এই বৃহৎ ঔষধ নিৰ্মান প্ৰতিষ্ঠানটো । তাৰ উপৰি বুধবাৰে কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত ৩জন কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা ঘটনা গাপ দিবলৈ চেষ্টা কৰি আন এক বিৰ্তকত সোমাই পৰে কোম্পানীটো । প্ৰাপ্ত বাতৰি অনুসৰি সন্ধিয়াৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত দুজনৰ অৱস্থা সংকটজনক । অৱশ্যে চান ফাৰ্মাই আহত আটাইকেজনৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ লগতে আহতৰ পৰিয়াললৈ এককালীন সাহাৰ্য ঘোষণা কৰে ।

ABOUT THE AUTHOR

...view details