অসম

assam

ETV Bharat / city

বিজেপিলৈ বঙালী যুৱ ফেডাৰেচনৰ সুকুমাৰ বিশ্বাস

সংবাদমেল অনুষ্ঠিত কৰি বঙালী যুৱ ফেডাৰেচনৰ পৰা অব্যাহতি লৈ শুকুৰবাৰে বিজেপিত যোগদানৰ কথা ঘোষণা সুকুমাৰ বিশ্বাসৰ

বিজেপিলৈ সুকুমাৰ বিশ্বাস

By

Published : Apr 4, 2019, 3:26 PM IST

গুৱাহাটী,4এপ্ৰিলঃবৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে সুকুমাৰ বিশ্বাসে । সংবাদমেলত বিশ্বাসে বাঙালী সংগঠনৰ পৰা অব্যাহতি লৈ শুকুৰবাৰে গেৰুৱা বসন পিন্ধাৰ কথা উল্লেখ কৰে । ইপিনে সুকুমাৰ বিশ্বাসে ৰাজনৈতিক দলত যোগদান কৰাৰ পূৰ্বে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ মুখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে ৷ সঘনাই বঙালী সংগঠনৰ হৈ মাত মাতি অহা নেতাগৰাকীৰ এনে ঘোষণাৰ পাচতকেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পায় সেইয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ'ব ৷

বিজেপিলৈ সুকুমাৰ বিশ্বাস

ABOUT THE AUTHOR

...view details