অসম

assam

ETV Bharat / city

উপ-নিৰ্বাচন: অসম জাতীয় পৰিষদৰ পৰ্যালোচনা উপ-সমিতি গঠন - তামুলপুৰ

চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰস্তুতি অসম জাতীয় পৰিষদৰ ৷ সেই মৰ্মে শনিবাৰে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই গঠন কৰিছে চাৰিখন উপ-সমিতি ।

Sub-Committee  Formation of  Assam Jatiya Parishad
উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদৰ পৰ্যালোচনা উপ-সমিতি গঠন

By

Published : Jul 10, 2021, 8:36 PM IST

গুৱাহাটী, 10 জুলাই:বিধানসভা নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা অসম জাতীয় পৰিষদৰ লক্ষ্য এইবাৰ উপ-নিৰ্বাচন । চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে সমষ্টিকেইটাত দলীয় আন্তঃগাঁথনিৰ বুজ ল'বলৈ অসম জাতীয় পৰিষদে বিশেষ তৎপৰতা আৰম্ভ কৰিছে ।

উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদৰ পৰ্যালোচনা উপ-সমিতি গঠন

সেই মৰ্মে শনিবাৰে জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই চাৰিখন উপ-সমিতি গঠন কৰি দিছে । ১৫ দিনৰ ভিতৰত সমিতি কেইখনে প্ৰতিবেদন দাখিল কৰিব লাগিব । মৰিয়নি সমষ্টিৰ বাবে দলৰ উপ-সভাপতি ইজৰাইল নন্দ, সম্পাদক বাণী দাস আৰু ৰাজু ফুকন, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু জাতীয় ভাষিক সংখ্যালঘু শক্তিৰ সভাপতি প্ৰদীপ সেন শৰ্মাক লৈ উপসমিতি গঠন কৰা হৈছে ।

উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদৰ পৰ্যালোচনা উপ-সমিতি গঠন

মাজুলী সমষ্টিৰ বাবে সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, যুটীয়া সম্পাদক ডঃ শংকৰজ্যোতি কুটুম, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ক্ৰমে ড৹ উৎপল শৰ্মা, দ্বীপ পেগু আৰু সত্যজিৎ ৰেগনক লৈ উপ-সমিতিখন গঠন কৰা হৈছে । একেদৰে তামুলপুৰ সমষ্টিৰ বাবে উপ-সভাপতি অঞ্জন উপাধ্যায়, যুটীয়া সম্পাদক অমিতাভ বৰঠাকুৰ আৰু গিৰিণ তালুকদাৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সম্ভীদ শৰ্মা আৰু পংকজ লোচন গোস্বামীক লৈ উপ-সমিতি গঠন কৰা হৈছে ।

গোসাইগাঁও সমষ্টিৰ বাবে উপ-সভাপতি দুলু আহমেদ, প্ৰচাৰ সম্পাদক দেৱজিৎ অধিকাৰী, যুটীয়া সম্পাদক প্ৰিন্স ফাইজুল হক, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডাঃ আনিচ আহমেদ আৰু অজয় তাঁতীক লৈ উপসমিতি গঠন কৰা হৈছে । উল্লেখ্য যে, এই সমিতিকেইখনে সংশ্লিষ্ট সমষ্টিসমূহলৈ গৈ সামগ্ৰিক পৰিস্থিতি পৰ্যবেক্ষণ আৰু পৰ্যালোচনা কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি নিৰ্দেশ জাৰি কৰিছে অসম জাতীয় পৰিষদৰ কৰ্ণধাৰ সমিতিয়ে ৷

লগতে পঢ়ক-দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details