অসম

assam

ETV Bharat / city

অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত মহানগৰীত ছাত্ৰ সমাজৰ প্ৰতিবাদ

পৰীক্ষা অনলাইনযোগে অনুষ্ঠিত কৰাৰ দাবীত সোমবাৰে লতাশিল খেলপথাৰত একাংশ ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যদি অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে, তেনেহ'লে পৰীক্ষা স্থগিত ৰাখিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

Students Protest At Guwahati Latasil Play aground
অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত মহানগৰীত বিক্ষোভ কাৰ্যসূচী

By

Published : Apr 26, 2021, 7:07 PM IST

গুৱাহাটী, 26 এপ্ৰিল:হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনলাইনযোগে অনুষ্ঠিত কৰাৰ দাবীত সোমবাৰে গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰত একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত কটন বিশ্ববিদ্যালয়কে আদি কৰি গুৱাহাটীৰ ভালেকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰাৰ দাবীত গুৱাহাটীৰ লতাশিলত একত্ৰিত হয় ছাত্ৰ-ছাত্ৰী সকল ৷

অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত মহানগৰীত বিক্ষোভ কাৰ্যসূচী

ক'ভিড মহামাৰীয়ে দেশ তথা ৰাজ্যত ভয়াৱহৰূপ লোৱাৰ সময়তে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰিলে পৰিস্থিতি ইয়াতকৈ আৰু অধিক ভয়ানক হ'ব পাৰে বুলি দাবী কৰিছে প্ৰতিবাদকাৰী সকলে ৷ সেয়ে শিক্ষাবিভাগক অফলাইনৰ পৰিৱৰ্তে অনলাইনত পৰীক্ষা সমূহ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ৷ যদি অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে, তেনেহ'লে পৰীক্ষা স্থগিত ৰাখিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে শিক্ষা বিভাগে কঠোৰ নীতি-নিয়মৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰিম বুলি দিয়া প্ৰতিশ্ৰুতিকো সহজভাৱে লোৱা নাই শিক্ষাৰ্থীসকলে ৷ ক'ভিডৰ এনে ভয়াৱহ পৰিস্থিতিত অফলাইন পৰীক্ষাত বহিলে পৰিস্থিতি গুৰুতৰ হ'ব পাৰে বুলি শংকিত হৈছে ছাত্ৰ-ছাত্ৰী সকল ৷ সেয়ে পৰীক্ষা সমূহ অনলাইনযোগে অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে ৷

লগতে পঢ়ক-ভাৰতত নতুনকৈ ৩,৫২,৯৯১ জন কৰ'ণাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details