গুৱাহাটী: সোমবাৰৰ পৰা আৰম্ভ হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা। পুৱাই পৰীক্ষা দিবলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী । কিন্তু পৰীক্ষা দিৱলৈ আহিও ছাত্ৰ-ছাত্ৰী সকলে অভিনৱ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে কাৰ বিৰুদ্ধে ৷ ছাত্ৰ-ছাত্ৰী সকলে ক'লা বেজ পৰিধান কৰি আহে, য'ত লিখা আছিল "I Oppose CAA"- অৰ্থাৎ মই কা নামানো ৷
পৰীক্ষাকেন্দ্ৰত অভিনৱ কা' বিৰোধী প্ৰতিবাদ - গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা
"I Oppose CAA"- এইদৰে লিখা ক'লা বেজ পৰিধান কৰি পৰীক্ষা দিলে ছাত্ৰ-ছাত্ৰীয়ে ৷ আন্দোলনৰ সমান্তৰালকৈ চলাই যাব পঢ়া-শুনাও ৷
students protest at GU
অধ্যয়ন আৰু সংগ্ৰাম একেলগে চলাই নিয়াৰ সংকল্প প্ৰশিক্ষাৰ্থীসকলৰ। সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্যৰ সচেতন মহলে ছাত্ৰসমাজক আন্দোলনৰ সমান্তৰালকৈ অধ্যয়ন কৰি যোৱাৰ আহ্বান জনাইছিল। যাৰ পৰিপ্ৰেক্ষিতত এই অভিনৱ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীসকলৰ। পঢ়া শুনা নিয়াৰিকৈ চলাই যোৱাৰ উপৰিও নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ অব্যাহত থাকিব বুলি ক'লে বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে।