লোকসভাত ভোটদানৰ পৰা বিৰত থাকিব কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী - লোকসভা নিৰ্বাচন
হাতে হাতে বেনাৰ প'ষ্টাৰ লৈ বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ কটনিয়ানৰ
গুৱাহাটী, 28 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনত নিজৰ নিজৰ প্ৰাৰ্থীক বিজয় কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত থকাৰ সময়তে ৰাজপথত প্ৰতিবাদ নামিল কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । কোনো ধৰণৰ ইচ্ছ্যু নোহোৱাকৈ এটা দলে আনটো দলক গালি পাৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি এইবাৰ লোকসভা নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৷কটন মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি চৰকাৰে ইয়াৰ আন্তঃগাঁথনিৰ উন্নয়নৰ যি আশ্বাস প্ৰদান কৰিছিল সেই আশ্বাস আজিলৈকে চৰকাৰে পূৰণ কৰিবলৈ সক্ষম নোহোৱাত বৃহস্পতিবাৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ।