গুৱাহাটী, 18 আগষ্টঃ মঙলবাৰে গুৱাহাটী ক্লাৱত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ ফেডাৰেচন অফ ইণ্ডিয়া চমুকৈ SFI ৰ মহানগৰ সমিতিৰ সদস্য সকলে ৷ মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা বৃদ্ধি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ছাত্ৰ ছাত্ৰীৰ সুকীয়া মেৰিট লিষ্ট তৈয়াৰ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
গুৱাহাটী ক্লাৱত S F I ৰ তীব্ৰ প্ৰতিবাদ - গুৱাহাটী
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ছাত্ৰ ছাত্ৰীৰ সুকীয়া মেৰিট লিষ্ট তৈয়াৰ কৰাকে আদি কৰি বিভিন্ন দাবীত ছাত্ৰ ফেডাৰেচন অফ ইণ্ডিয়াৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, শিক্ষা সংসদৰ অধীনৰ বিদ্যালয়ৰ বহু ছাত্ৰ- ছাত্ৰীয়ে মহাবিদ্যালয় সমূহত কাট অব মাৰ্কৰ সংখ্যা বেছি হোৱাৰ বাবে নামভৰ্তি কৰিব পৰা নাই ৷ সেয়ে সংগঠনটোৰ সদস্য সকলে দাবী কৰে যে, CBSCৰ ছাত্ৰ-ছাত্ৰী সকলক বাদ দি শিক্ষা সংসদৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুকীয়া মেৰিট লিষ্ট তৈয়াৰ কৰিব লাগে ৷ লগতে মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা বৃদ্ধিৰো দাবী তোলে সংগঠনটোৰ সদস্য সকলে ৷ ইয়াৰ উপৰিও বিশ্ববিদ্যালয় সমূহে বহুকেইটা ষান্মাসিক পৰীক্ষা অনুষ্ঠিত কৰা নাই যদিও ছাত্ৰ-ছাত্ৰী সকলৰ পৰা মাছুল সংগ্ৰহ কৰি আছে ৷ সেই কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৰ সদস্য সকলে ৷
লগতে পঢ়ক- কাছাৰত অবৈধ শিলৰ ব্যৱসায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ