অসম

assam

ETV Bharat / city

Street Vendors : প্ৰশাসনৰ বিৰুদ্ধে সৰৱ পথ ব্যৱসায়ী সংস্থা - cm himanta biswa sarma

গুৱাহাটী মহানগৰীত পথৰ ব্যৱসায় বন্ধ কৰাৰ বাবে প্ৰতিটো পথতে পৌৰ নিগমে মাইকৰ জৰিয়তে ঘোষণা কৰিছিল ৷ পথৰ ব্যৱসায় বন্ধ নকৰিলে ৫ হাজাৰ টকা জৰিমণা আৰু ৩ মাহ জেল বিহাৰ কথাও এই ঘোষণাত উল্লেখ কৰিছিল প্ৰশাসনৰ লোকে ৷ ইয়াৰ পাছতেই গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে সৰৱ হৈ পৰে পথ ব্যৱসায়ী সংস্থা ৷

street vendors press meet at guwahati
পথ ব্যৱসায়ী সংস্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ সেনাপতি

By

Published : Nov 14, 2021, 8:33 PM IST

গুৱাহাটী, ১৪ নৱেম্বৰ :মহানগৰীত ৫০ টা ভেণ্ডিং জ’ন ঘোষণা কৰি তাত বৰ্তমান পদত ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলক সংস্থাপন কৰাৰ বাবে দাবী জনাইছে পথ ব্যৱসায়ী সংস্থাই ৷ সংস্থাটোৱে লগতে পথ ব্যৱসায়িক উচ্ছেদ আৰু ভাবুকি প্ৰদান কাৰ্য, মাইকযোগে ঘোষণা আৰু অন্যান্য কাৰ্যসূচী বন্ধ কৰা আদি বিভিন্ন দাবী উত্থাপন কৰে ৷

তাৰোপৰি ২০১৬ চনত পৌৰ নিগমে জৰীপৰ জৰিয়তে চিনাক্ত কৰা ৮,৭৮১ জন পথ ব্যৱসায়ীক ভেণ্ডিং জন স্থাপন কৰি এমাহৰ ভিতৰত সংস্থাপন কৰাৰ ব্যৱস্থা কৰা, পৰিচয় পত্ৰ আৰু পথ ব্যৱসায়ৰ অনুমতি পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৷ ইয়াৰোপৰি সকলো পথ ব্যৱসায়ীৰ বাবে ই শ্ৰম কাৰ্ডৰ ব্যৱস্থা কৰা আৰু প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ জৰিয়তে ১০ হাজাৰ টকা ঋণ পোৱাটো নিশ্চিত কৰাৰ বাবেও দাবী জনায় সংস্থাটোৱে ।

পথ ব্যৱসায়ী সংস্থাই অনতিপলমে গুৱাহাটী পৌৰ নিগমে দাবীসমূহ পূৰণ নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে । দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ সেনাপতিয়ে গুৱাহাটী মহানগৰীত পদপথৰ ব্যৱসায়ীক উচ্ছেদ কৰাতো পথ ব্যৱসায়ী সংন্থাই বিৰোধীতা কৰে বুলি উল্লেখ কৰে ।

পথ ব্যৱসায়ী সংস্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ সেনাপতি

তেওঁ অতি শীঘ্ৰে মহানগৰীত ভেণ্ডিং জ'নৰ ব্যৱস্থা কৰি পদপথৰ ব্যৱসায়ীসকলক ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ আৰু জি এম চি কৰ্তৃপক্ষক আহ্বান জনায় । দেৱজিৎ সেনাপতিয়ে মহানগৰীত প্ৰথমে প্ৰায় ৫০ টা ভেণ্ডিং জ'নৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে গুৱাহাটী পৌৰ নিগমৰ কৰ্তৃপক্ষই ভেণ্ডিং জ'ন আছে বুলি কৈ আছে যদিও সঁচা অৰ্থত গুৱাহাটীত এটাও ভেণ্ডিং জ'ন নাই বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :Ogran trafficking : ভূৱা পৰিচয়ৰে কিডনী সৰবৰাহত জড়িত চিকিৎসক গ্ৰেপ্তাৰ

আনহাতে গুৱাহাটীত পাপা গাড়ীৰ যোগেদি পদপথৰ ব্যৱসায়ীৰ পৰা টকা লোৱাৰ এটা ব্যৱস্থা চলি থকাৰো সংবাদমেলত অভিযোগ উত্থাপন কৰে সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে । তেওঁ সদৰি কৰা অনুসৰি স্থানীয় প্ৰশাসনে লয় এই টকা । কিন্তু মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী কঠোৰ নীতি লোৱাৰ পিছতেই ব্যৱসায়ীসকলেও টকা দিয়া বন্ধ কৰি দিয়াৰ কথা তেওঁ সদৰি কৰে । যাৰবাবে প্ৰশাসনৰ লোক ব্যৱসায়ীসকলৰ প্ৰতি সৰৱ হৈ পৰাৰ সন্দেহ কৰিছে পদপথৰ ব্যৱসায়ীসকলে ৷

তেওঁ লগতে কয় যে, গুৱাহাটীত মহানগৰীত পদপথৰ ব্যৱসায়ীৰ পৰা টকা সংগ্ৰহ কৰাৰ আঁৰত এটা দালাল চক্ৰ আছে । এই চক্ৰটোৱে দৈনিক ২০০ পৰা ৪০০ টকা সংগ্ৰহ কৰে একোজন পদপথৰ ব্যৱসায়ীৰ পৰা । ছয়মাইল বজাৰত আছে এটা বৃহৎ দালাল চক্ৰ । এই দালাল চক্ৰক গুৱাহাটী পৌৰ নিগমে দিয়া বুলি অভিযোগ উত্থাপন কৰে সংস্থাটোৱে ৷ তেওঁ অতি শীঘ্ৰে পদপথৰ ব্যৱসায়ীসকলৰ সমস্যাসমূহ সমাধান কৰি তেওঁলোকক স্থায়ীভাৱে ব্যৱসায় কৰাৰ সুবিধা কৰি দিয়াৰ বাবে চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়ক :বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

ABOUT THE AUTHOR

...view details