অসম

assam

Vending Zone in Guwahat i: ভেণ্ডিং জ’ন স্থাপনৰ পিছতহে উচ্ছেদৰ আহ্বান পথৰ ব্যৱসায়ীৰ

By

Published : Dec 20, 2021, 10:45 PM IST

এফালে পথৰ ব্যৱসায়ীক ঋণ প্ৰদান কৰি আনফালে উচ্ছেদ অভিযান চলোৱা কাৰ্যক গৰিহণা দিছে পথ ব্যৱসায়ী সংস্থা, অসমে ৷ ২০১৫ চনতে গুৱাহাটী পৌৰ নিগমে টাউন ভেণ্ডিং কমিটী গঠন (Vending committee of GMC) কৰি আজিকোপতি এটাও ভেণ্ডিং জ’ন স্থাপন নকৰাক লৈ মন্তব্য প্ৰকাশ কৰিছে পথ ব্যৱসায়ী সংস্থা, অসমৰ সভাপতি চন্দন গোস্বামীয়ে ৷ ভেণ্ডিং জ’ন স্থাপন কৰাৰ পিছতহে উচ্ছেদ চলোৱাৰ আহ্বান জনাইছে সভাপতগৰাকীয়ে (Demand for setting up vending zone) ৷

Vending Zone in Guwahati
ভেণ্ডিং জ’ন স্থাপনৰ পিছতহে উচ্ছেদৰ আহ্বান

গুৱাহাটী, ২০ ডিচেম্বৰ : ভেণ্ডিং জ’ন স্থাপন নকৰা পৰ্যন্ত পদপথৰ ব্যৱসায়ীক উচ্ছেদ নকৰিলৈ দাবী জনাইছে পথ ব্যৱসায়ী সংস্থা, অসমে (Demand for setting up vending zone) । এফালে পি এম ষ্ট্ৰীট ভেণ্ডৰচ্ আত্মনিৰ্ভৰ আঁচনি(PM Street Vendor's AtmaNirbhar Nidhi)ৰ জৰিয়তে ঋণ প্ৰদান আৰু আনফালে উচ্ছেদ অভিযান চলাই পথ ব্যৱসায়ীসকলক সমস্যাত পেলাইছে বুলি মন্তব্য কৰিছে সংস্থাৰ সভাপতি চন্দন গোস্বামীয়ে ।

বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীৰ বেলতলা, চাৰ্ভে, নাৰেংগী, মালিগাঁও, জালুকবাৰীকে ধৰি বিভিন্ন স্থানত গুৱাহাটী পৌৰ নিগম উচ্ছেদ(Guwahati Municipal Corporation eviction) অভিযান চলাই আহিছে । এই উচ্ছেদকাৰ্য বন্ধ কৰি অতিশীঘ্ৰে ভেণ্ডিং জ’ন স্থাপন কৰি পথ ব্যৱসায়ীসকলক সংস্থাপন দিবলৈ দাবী জনাই সংস্থাৰ সভাপতি চন্দন গোস্বামীয়ে কয় যে, ভেণ্ডিং জ’ন স্থাপন কৰি দি সংস্থাপন দিয়াৰ পিছত উচ্ছেদ চলালেও আপত্তি নাই ।

ভেণ্ডিং জ’ন স্থাপনৰ পিছতহে উচ্ছেদৰ আহ্বান

গুৱাহাটী মহানগৰীত ভেণ্ডিং জ'ন স্থাপনত ব্যৰ্থ হৈছে গুৱাহাটী পৌৰ নিগম । টাউন ভেণ্ডিং কমিটী গঠনৰ ছয় বছৰ পিছতো মহানগৰখনত আজি পৰ্যন্ত এটাও ভেণ্ডিং জ’ন স্থাপন নহ’ল বুলি মন্তব্য কৰে পথ ব্যৱসায়ী সংস্থাৰ সভাপতিগৰাকীয়ে ।

২০১৫ চনতে গুৱাহাটী পৌৰ নিগমে টাউন ভেণ্ডিং কমিটী গঠন কৰিছিল । মহানগৰীৰ বিভিন্ন স্থানত ভেণ্ডিং জ’ন স্থাপন কৰি পথ ব্যৱসায়ীসকলক ব্যৱসায়ৰ সুযোগ দিয়াটো কমিটিখনৰ মূল উদ্দেশ্য আছিল । ২০১৮ চনত পথ ব্যৱসায়ী সংস্থা, অসমে মহানগৰীত ৫২ টা স্থান ভেণ্ডিংজনৰ বাবে স্থান চিনাক্ত কৰিছিল । তাৰ ভিতৰত পৌৰ নিগমে মহানগৰীৰ বৰবাৰী, পাণবজাৰ, গণেশগুৰি, লাখটকীয়া, উজানবজাৰ , ফাচীবজাৰ ফুলগলীকে ধৰি মুঠ ৮ টা স্থানত ভেণ্ডিং জ’ন স্থাপনৰ বাবে চিনাক্ত কৰিছিল ।

কিন্তু অতি পৰিতাপৰ কথা যে, সেই ৮ টা স্থানত আজি পৰ্যন্ত এটাও ভেণ্ডিং জ’ন স্থাপন নহ’ল । গুৱাহাটী পৌৰ নিগমে ভেণ্ডিং জ’ন স্থাপন কৰি পথ ব্যৱসায়ীসকলক সংস্থাপন দিয়াৰ বিপৰীতে মহানগৰীত ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলাই আছে । এই উচ্ছেদ অভিযানত ব্যৱসায়ীসকলৰ সামগ্ৰী লণ্ডভণ্ড কৰাত ব্যৱসায়ীসকল যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ।

যোৱা প্ৰায় তিনিমাহ পূৰ্বে সংস্থাৰ লগত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ সৈতে আলোচনাত মিলিত হৈছিল । এমাহৰ ভিতৰত ভেণ্ডিং জ’নৰ সম্পৰ্কে কাম কৰিব বুলি আয়ুক্তগৰাকীয়ে আশ্বাস প্ৰদান কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ কাম আগ নাবাঢ়িল । মহানগৰীত ভেণ্ডিং জ’ন স্থাপন নকৰাত যি হাৰত পদপথ ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ বাবে জগৰীয়া চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগম বুলি মন্তব্য কৰে চন্দন গোস্বামীয়ে ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত এই পৰ্যন্ত থকা প্ৰায় ২৫ হাজাৰৰো অধিক পথ ব্যৱসায়ীৰ ভিতৰত প্ৰায় ১০-১২ হাজাৰ পঞ্জীয়নভুক্ত পদপথ ব্যৱসায়ী আছে

লগতে পঢ়ক:Section 144 impose in Laharijan: লাহৰিজানত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

ABOUT THE AUTHOR

...view details