অসম

assam

ETV Bharat / city

ইটিভি EXCLUSIVE : অসমৰ ক'ভিড সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীৰ দাবীৰ বিপৰীত দৃশ্য কেন্দ্ৰীয় প্ৰতিবেদনত

ঘনে ঘনে সংবাদমেল পাতি ক'ভিড চিকিৎসা, নিয়ন্ত্ৰণ, আন্তঃগাঁথনি সকলো ক্ষেত্ৰতে আন ৰাজ্যৰ তুলনাত অসম যথেষ্ট আগবাঢ়ি আছে বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিলেও শেহতীয়াকৈ প্ৰকাশিত এক কেন্দ্ৰীয় প্ৰতিবেদনত ইয়াৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে । ভাৰত চৰকাৰৰ প্ৰশাসনীয় সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে দেশৰ বিভিন্ন ৰাজ্যত ক'ভিড সম্পৰ্কীয় সকলো দিশৰ সমীক্ষা চলাই ৩৫ পৃষ্ঠাৰ এখন প্ৰতিবেদন প্ৰকাশ কৰিছে । যিখন প্ৰতিবেদন ইতিমধ্যে আহি পৰিছে‌ ইটিভি ভাৰতৰ হাতত ।

Statement by centre on Assam Covid shows different situation
অসমৰ ক'ভিড সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীৰ দাবীৰ বিপৰীত দৃশ্য কেন্দ্ৰীয় প্ৰতিবেদনত

By

Published : Jul 12, 2020, 4:30 PM IST

গুৱাহাটী, ১২ জুলাই:প্ৰতিবেদনত অসমৰ সাতখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ, ডিমা হাচাও, চৰাইদেউ, নলবাৰী, শোণিতপুৰ আৰু ওদালগুৰিৰ যিখন ছবি দাঙি ধৰা হৈছে সিয়ে স্বাস্থ্য মন্ত্ৰীৰ প্ৰায় সকলো সাফল্যৰ দাবী নস্যাৎ কৰিছে । লক্ষনীয়ভাবে এই জিলাকেইখনত চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ বাবে পৰ্যাপ্ত পিপিই কীট নাই বুলি উল্লেখ কৰি প্ৰতিবেদনখনত আশংকা কৰা হৈছে যে ইয়াৰ ফলত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দ্বাৰাই ব্যাপক হাৰত ক'ভিড সংক্ৰমণ ঘটিব পাৰে । সাধাৰণ জনতাই লক ডাউনৰ নীতি-নিয়ম ভালদৰে পালন কৰা নাই বুলিও কোৱা হৈছে প্ৰতিবেদনখনত ‌। কাছাৰৰ ক্ষেত্ৰত কোৱা হৈছে যে, মিজোৰামৰ পৰা আগমন ঘটা লোকসকলে জিলাখনলৈ অধিক বিপদ মাতিব পাৰে । তাৰোপৰি পিপিই কীটৰো অভাৱ কাছাৰত ।

অসমৰ ক'ভিড সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীৰ দাবীৰ বিপৰীত দৃশ্য কেন্দ্ৰীয় প্ৰতিবেদনত

আনহাতে, চৰাইদেউ জিলাত স্বাস্থ্য সেৱাৰ আন্তঃগাঁঁথনি অতি পুতৌজনক বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । আটাইতকৈ ভয়ংকৰ তথ্যটো উল্লেখ কৰা হৈছে ডিমা হাচাও জিলাৰ ক্ষেত্ৰত । প্ৰতিবেদনত কোৱা হৈছে যে, ডিমা হাচাও জিলাত কোনো এখন চৰকাৰী হাস্পতালতে আইচিইউ আৰু ভেন্টিলেশ্বনৰ ব্যৱস্থা নাই । সমগ্ৰ জিলাখনত এখনো ব্যক্তিগত খণ্ডৰ হাস্পতাল নাই বুলি উল্লেখ কৰা হৈছে । অনুৰূপভাৱে কৰিমগঞ্জ জিলাত পিপিই কীট নথকাৰ লগতে আইছ'লেশ্বন ৱাৰ্ডত ৰোগীৰ বাবে বিচনাৰ সংখ্যাও তেনেই নগন্য বুলি কোৱা হৈছে উক্ত প্ৰতিবেদনত ।

অসমৰ ক'ভিড সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীৰ দাবীৰ বিপৰীত দৃশ্য কেন্দ্ৰীয় প্ৰতিবেদনত
অসমৰ ক'ভিড সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীৰ দাবীৰ বিপৰীত দৃশ্য কেন্দ্ৰীয় প্ৰতিবেদনত

ইপিনে সমগ্ৰ নলবাৰী জিলাৰ কোনো এখন চৰকাৰী হাস্পতালতে আইচিইউ আৰু ভেন্টিলেশ্ব'নৰ ব্যৱস্থা নাই । একেই অৱস্থা শোণিতপুৰ জিলাৰ ক্ষেত্ৰতো । জিলাখনত আইচিইউ, আইছ'লেশ্বন ৱাৰ্ড, পিপিই, ভেন্টিলেশ্ব'নৰ ব্যৱস্থা আৰু দৰৱ পৰ্যাপ্ত পৰিমাণৰ নাই বুলি স্পষ্টকৈ প্ৰতিবেদনত কোৱা হৈছে । ওদালগুৰি জিলাৰ ভিতৰুৱা অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ অভাৱ হোৱাৰ লগতে প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীৰো অভাৱ । জিলাখনত কোনো ঠাইতে আইছ'লেশ্বন বা ভেন্টিলেশ্ব'নৰ ব্যৱস্থা নাই বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

অসমৰ ক'ভিড সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীৰ দাবীৰ বিপৰীত দৃশ্য কেন্দ্ৰীয় প্ৰতিবেদনত

লগতে পঢ়ক :বেকী নৈৰ বানে বিপৰ্যস্ত কৰিছে কলগাছিয়াৰ জনজীৱন

ABOUT THE AUTHOR

...view details