গুৱাহাটী, 7 ফেব্ৰুৱাৰী :আগন্তুক ব'হাগ বিহু উদযাপনৰ নামত ৰাজ্যত কোনো বিহু কমিটীয়ে ব্যৱসায়ী সকলৰ পৰা কোনো চান্দা (Collection of donation from business owners for Bihu ) সংগ্ৰহ কৰিব নোৱাৰিব । সোমবাৰে দিছপুৰ জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। তেওঁ কয় যে সেয়েহে ৰাজ্য চৰকাৰে এইবাৰ বিহু কমিটীসমূহক বিহু উদযাপন কৰাৰ বাবে ১ লাখ ৫০ হাজাৰ টকাকৈ বৰঙণি দিব (State goverment to give financial aid to Bihu comitees)। কিন্তু সেইবুলি সকলো বিহু কমিটীক চৰকাৰে বৰঙণি আগনবঢ়ায় ।
যিবোৰ বিহু কমিটীয়ে পৰম্পৰাগতভাৱে পূৰ্বৰে পৰা ১ ব'হাগৰ পৰা ৭ ব'হাগৰ ভিতৰত বিহু উদযাপনৰ কৰি আহিছে সেইবোৰ বিহু কমিটীক বিহু উদযাপন কৰাৰ বাবে ১ লাখ ৫০ হাজাৰ টকাকৈ বৰঙণি দিব। এইক্ষেত্ৰত প্ৰতিখন জিলাৰ জিলা উপায়ুক্তক পৰম্পৰাগতভাৱে পূৰ্বৰে পৰা ১ ব'হাগৰ পৰা ৭ ব'হাগৰ ভিতৰত বিহু উদযাপনৰ কৰি অহা বিহু কমিটী নিৰ্বাচন কৰাৰ বাবে দায়িত্ব দিয়া হ'ব ।