অসম

assam

ETV Bharat / city

পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (Srimanta Sankaradeva University in controversy again) । ফলাফলক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজত পুনৰ সোমাই পৰিছে বিশ্ববিদ্যালয়খন । সবিশেষ জানিবলৈ পঢ়ক এই বাতৰি ৷

পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

By

Published : Apr 5, 2022, 10:24 PM IST

গুৱাহাটী, 5 এপ্ৰিল : পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (Srimanta Sankaradeva University in controversy again ) । এগৰাকী ছাত্ৰীৰ ফলাফলক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে বিশ্ববিদ্যালয়খন । যাৰ ফলত ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল ৷ বিশ্ববিদ্যালয়ৰ অভিভাৱক সকলে অভিযোগ কৰা অনুসৰি, বিগত মাৰ্চ মাহত বিশ্ববিদ্যালয়খনৰ ছেকেণ্ড প্ৰফেচনেল ফাৰ্মাকোলজী পৰীক্ষা অনুষ্ঠিত হৈছিল ৷

পিছে অভিভাৱকসকলে জনোৱা অনুসৰি, এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতো এগৰাকী ছাত্ৰী অবৈধ প্ৰক্ৰিয়াৰে পৰীক্ষাত উত্তীৰ্ণ হয় ৷ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকী তেজপুৰ মেডিকেল কলেজৰ অধ্যাপক-অধ্যাপিকাৰ সন্তান হোৱা হেতু এইদৰে পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি জনাত ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল ৷

ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰাৰ লগতে এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ দাবী জনাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে অভিভাৱকসকলে ৷ এই অভিযোগৰ পিছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত কৰাৰ লগতে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে, বিশ্ববিদ্যালয়খনত পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক :নতুন সংগঠন জন্ম দিয়াৰ যো-জা চলাই গ্ৰেপ্তাৰ দুজন NLFB কেডাৰ

ABOUT THE AUTHOR

...view details